ৰাজ্যখনৰ বিভিন্ন সাহিত্য সভাৰ প্ৰতিনিধি সকলৰ লগত শিক্ষা মন্ত্ৰীৰ বৈঠক…

আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসম চৰকাৰৰ শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অধ্যক্ষতাত অসম ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (SCERT) ৰ উদ্যোগত ৰাজ্য খনৰ ৰাভা, কাৰ্বি, তিৱা, মিচিং, গাৰো, কচাৰী, কোচ-ৰাজবংশী, নেপালী, বিষ্ণুপ্ৰিয়া, মাৰ, কুকি, ডিমাছা, চাওতাল, সোনোৱাল কছাৰী, তাই-আহোম আৰু মনিপুৰী জনগোষ্ঠীৰ সাহিত্য সভাৰ প্ৰতিনিধি সকলৰ লগত ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ ৰ আধাৰত ৰাজ্যখনৰ বিভিন্ন বিদ্যালয় সমূহত বুনিয়াদী স্তৰত (প্ৰথম পাঁচ বছৰ) মাতৃভাষা মাধ্যমত শিক্ষাদান সম্পৰ্কে বিস্তাৰিত ভাৱে আলোচনা কৰা হয়।

এই সভাত বিদ্যালয় সমুহত প্ৰাক প্ৰাথমিক আৰু প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ ক্ষেত্ৰত মাতৃভাষা আৰু ঘৰুৱা ভাষাক মাধ্যম ৰূপে প্ৰয়োগ কৰাৰ ৰূপৰেখা সন্দৰ্ভত সাহিত্য সভা সমুহৰ পৰা বিভিন্ন গুৰুত্বপূৰ্ণ দিহা পৰামৰ্শ গ্ৰহণ কৰা হয়। মন্ত্ৰী গৰাকীয়ে লগতে বৰ্তমান চৰকাৰ খনে সকলো মাতৃ ভাষাক শিশু সকলৰ শিক্ষাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ কথা উল্লেখ কৰে।

আজিৰ এই সভাত অসম ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (SCERT) ৰ সঞ্চালক নিৰদা দেৱী, আনন্দৰাম বৰুৱা ভাষা কলা-সংস্কৃতি সংন্থাৰ সঞ্চালক দিলীপ কলিতা, সঞ্চালক বড়ো তথা অন্যান্য ভাষা ফনীন্দ্ৰ যিদুংও উপস্থিত থাকে।

Related Articles