সোণতলী, ২৫ ডিচেম্বৰ : দক্ষিণ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত বাতাহিদিয়া চৰ আঞ্চলিক জাতীয় বিদ্যালয় প্ৰাংগনত আজি দিনযোৰা কাৰ্যসূচীৰে এখনি শৈক্ষিক সজাগতা সভা অনুষ্ঠিত হৈ যায় ৷ বাতাহিদিয়া গাঁও পঞ্চায়তৰ এলেকাধীন নয়াপাৰাস্থিত বাতাহিদিয়া চৰ আঞ্চলিক জাতীয় বিদ্যালয়ৰ উদ্যোগত আৰু লুইতপৰীয়া শিশু বিকাশ পৰিষদৰ সহযোগত অনুষ্ঠিত হোৱা শৈক্ষিক সজাগতা সভাত সভাপতিত্ব কৰে বাতাহিদিয়া গাঁও পঞ্চায়তৰ সভাপতি আলতাব আলীয়ে ৷ বাতাহিদিয়া চৰ আঞ্চলিক জাতীয় বিদ্যালয়ৰ অধ্যক্ষ জাকিৰ হোছেইনে উদ্দেশ্য ব্যাখ্যা কৰা শৈক্ষিক সজাগতা সভাত লুইতপৰীয়া শিশু বিকাশ পৰিষদৰ মুখ্য উপদেষ্টা ছামছুল আলম ভূঞা, পৰিষদৰ সভাপতি ছামছুল হক, সম্পাদক আমিন জাহিদুল ইছলামৰ উপৰিও লুইতপৰীয়া শিশু বিকাশ পৰিষদৰ অধীনস্থ কেইবাখনো বিদ্যালয়ৰ শিক্ষকে ভাষন প্ৰদান কৰে ৷

