Breaking

চাপৰৰ ফলিমাৰীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত শিক্ষামূলক সজাগতা সভা

0 1,600

ধুবুৰী জিলাৰ চাপৰ ফলিমাৰীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গ্ৰীষ্মকালীন পাঠদান শিবিৰৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি ফলিমাৰী আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদোগত কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন আৰু শিক্ষামূলক সজাগতা সভা অনুষ্ঠিত হয়।


শিক্ষা বিভাগে শেহতীয়াকৈ তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত অধ্যয়ন কৰা হ’ব বুলি সিদ্ধান্ত লয়। উক্ত সিদ্ধান্ত অসমীয়া ভাষাক হত্যা কৰিব বুলি উল্লেখ কৰে ৰাহুল ছেত্ৰীয়ে। ছেত্ৰীয়ে শিক্ষা বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু এগৰাকী ব্যৰ্থ শিক্ষামন্ত্ৰী বুলি অভিহিত কৰে।যি গৰাকী শিক্ষামন্ত্ৰীৰ কায্যকালত এ পি এছ চি পৰীক্ষাৰ পৰা অসমীয়া কাকত বাতিল কৰি অসমৰ ছাত্র-ছাত্ৰীক অসমীয়া মাধ্যমৰ পৰা বঞ্চিত কৰা হৈছে উক্ত কায্যক তীব্র ভাষাৰে সমালোচনা কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা কোন মাধ্যমত অধ্যয়ন কৰিছিল বুলি প্ৰশ্ন কৰে সংগঠনটোৰ কেন্দ্রীয় সম্পাদক ৰাহুল ছেত্ৰীয়ে। ১৯০৫ চনৰ আইনষ্টাইনৰ উপৰিও জাৰ্মানী,চায়না,চীন আদিৰ দৰে ৰাষ্ট্ৰসমূহে নিজ মাতৃভাষাৰে অধ্যয়ন কৰে বুলি শিক্ষামন্ত্ৰী ৰণোজ পেগু কিম্বা মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শৰ্মাক তুলা ধুনা দিয়া পৰিলক্ষিত হয়। লগতে শিক্ষামন্ত্ৰীগৰাকী কাকোপথাৰত ক,খ নজনা একাংশক প্ৰাথমিক শিক্ষকক বিদ্যালয়ত নিযুক্তি দিয়াৰ গুৰুতৰ অভিযোগ তুলি,শিক্ষামন্ত্ৰী ৰণোজ পেগুয়ে কাৰ লগত আলোচনা কৰি এনে সিদ্ধান্ত ললে বুলি প্ৰশ্ন উত্থাপন কৰে। ৰাজ্যৰ মাতৃভাষা-সাহিত্যিক শিক্ষামন্ত্ৰীগৰাকীয়ে জলাঞ্জলি দিয়াৰ এক পৰিকল্পনা ৰচিছে বুলি সন্দেহ ব্যক্ত কৰে সম্পাদক ৰাহুল ছেত্ৰীয়ে।

আনহাতে ৰাজ্যত চলি থকা মাদ্ৰাছা আৰু জেহাদী সম্পর্কেও মুখ খুলিলে সম্পাদক গৰাকীয়ে। মাদ্ৰাছা-জেহাদী ক্ষেত্রত তন্ন-তন্ন অনুসন্ধান চলোৱাৰ দাবী জনায় ৰাহুল ছেত্ৰীয়ে।

Leave A Reply