Breaking

কেৰালাত ২৪ ছেপ্তেম্বৰলৈ শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা…

0 68

ভাৰতৰ নিপাহৰ মিল বাংলাদেশৰ ভাইৰাছৰ সৈতে

পুনৰ অতিমাৰী কৰোনা কালৰ ভয়ংকৰ দিনবোৰ উভতি অহাৰ আতংকত দেশবাসী। মাৰাত্মক নিপাহ ভাইৰাছৰ কবলত পৰিব নেকি দেশ। ইতিমধ্যে কেৰালাৰ পৰিস্থিতি অধিক ভয়াবহতালৈ গতি কৰিছে। চৰকাৰে আগন্তুক ২৪ ছেপ্টেম্বৰ পৰ্যন্ত সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষনা কৰিছে।

আনহাতে আই ছি এম আৰৰ মহামাৰী বিশেষজ্ঞ ডাঃ ৰমন গংগাখেদকাৰে ভাৰতৰ নিপাহ ভাইৰাছৰ বাংলাদেশৰ ভাইৰাছৰ মিল থকা প্ৰকাশ কৰি ই অতি ভয়াবহ বুলি জনসাধাৰণক সতৰ্ক কৰি দিছে। এই পৰ্যন্ত এইবিধ ভাইৰাছ প্ৰতিৰোধ কৰাৰ কোনো প্ৰতিষেধক আবিস্কাৰ হোৱা নাই। ইতিমধ্যে কেৰালাত ১০৮০ গৰাকী ব্যক্তি নিপাহ ভাইৰাছত আক্ৰান্ত হোৱা ঘটনাই দেশবাসীক আতংকিত কৰি তুলিছে।

চিকিৎসক সকলে পৰিস্কাৰ পৰিচন্নতাৰ লগতে বাদুলীয়ে কামোৰা ফল গ্ৰহন নকৰিবলৈ সকিয়াই দি বাদুলীৰ বাসস্থানলৈ আহযাহ নকৰিবলৈকো কঠোৰ ভাবে সকিয়াই দিছে। এইবিধ ভাইৰাছ বাদুলী, ঘোৰা আদি জন্তুৰ পৰা বিয়পাৰ লগতে আক্ৰান্ত ব্যক্তিৰ লেলাউটি আৰু তেজৰ সংস্পৰ্শলৈ নাযাবলৈকো সকিয়াই দিছে। চিকিৎসক সকলে সঘনাই হাত ধোৱা, ৰুগীয়া জন্তুৰ সংস্পৰ্শ ত্যাগ কৰিবলৈকো সতৰ্ক কৰে জনসাধাৰণক।

Leave A Reply