মৰিগাঁও কৃষি বিভাগৰ বানাক্ৰান্ত অঞ্চলৰ কৃষকক সকাহ দিয়াৰ চেষ্টা।

মৰিগাঁও জিলা খন প্ৰতি বছৰে বানত ব্যাপক ভাৱে ক্ষতিগ্ৰস্ত হয়। বিশেষকৈ কৃষক সকল অধিক ক্ষতিগ্ৰস্ত হয় বানত। বছৰি বানত বুৰ গৈ কৃষি পথাৰ সমূহৰ কৃষি সমূহ বাৰে বাৰে বিধ্বস্ত কৰে বানে। ফলত জিলা খনৰ কৃষক সকল প্ৰতি বছৰে মুখামুখী হয় ধানৰ কঠিয়াৰ সমস্যাত। এনে সমস্যাৰ বাবে অৱশেষত  চন পৰি থাকে পথাৰ। এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলা কৃষি বিভাগৰ তত্বাৱধানত জিলা খনৰ বিভিন্ন প্ৰান্তৰ লগতে নিজ গেৰুৱা কৃষি খণ্ড এলেকাৰো  তাপতলা, বানমুৰী, হাতীমুৰীয়া আদি অঞ্চলত পথাৰ পৰিচালনা সমিতি, বিভিন্ন আত্মসহায়ক গোট বা স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত ধানৰ কঠিয়া পেলোৱাৰ পাছত আজি কৃষিখণ্ড টোৰ এলেকাৰ জামাদাৰী গাঁৱৰ পথাৰতো প্ৰায় চাৰি বিঘা মাটিত বাহাদুৰ স্বাৱ – ১ সঁচৰ ধানৰ কঠিয়া পাৰা হয়। যোৱা কালি সমূহীয়া কঠিয়া পাৰা কাৰ্যসূচীত ADO নীলকমল বৰা, নিজগেৰুৱা গাঁও পঞ্চায়তৰ সভানেত্ৰী বুদ্ধেশ্বৰী বৰদলৈ, সহকাৰী কৃষি পৰিদৰ্শক দেৱকান্ত ভৰালি, এ ই এ পংকজ বৰদলৈকে প্ৰমোখ্য কৰি বহু কেইজন আদৰ্শ কৃষক উপস্হিত থাকি কঠিয়া পাৰা কাৰ্যসূচীত অংশ গ্ৰহণ কৰে। সহকাৰী কৃষি পৰিদৰ্শক দেৱকান্ত ভৰালিয়ে জানিব দিয়া মতে বৰ্তমানলৈ গেৰুৱা কৃষি চক্ৰটোত সৰ্বমুঠ পাঁচ হেক্টৰ মাটিত বাহাদুৰ স্বাৱ – ১ জাতৰ ধানৰ কঠিয়া সিচা হৈছে আৰু ইয়াৰ দ্বাৰা অঞ্চলটোৰ বহু কৃষক উপকৃত হব। তদুপৰি বাহাদুৰ স্বাৱ – ১ জাতৰ ধানৰ কঠিয়া বা ধান গছ বাৰিষাৰ পানীত ১৫ দিন পৰ্যন্ত বুৰ গৈ থাকিলেও নষ্ট নহয়। ফলত এনে জাতৰ ধানৰ সচে বানাক্ৰান্ত অঞ্চলৰ কৃষকক যথেষ্ট লাভাম্বিত কৰিব বুলিও ভৰালিয়ে জানিব দিয়ে।

Related Articles