Breaking

দৰঙত সুকনান্নী ওজাপালিৰ জৰিয়তে মানসিক ৰোগৰ সজাগতা সৃষ্টিৰ প্ৰচেষ্টা

0 2,374

দৰঙত পৰিবেশ্য কলা ওজাপালিৰ জৰিয়তে মানসিক ৰোগৰ সজাগতা সৃষ্টিৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে ।জিলা মানসিক স্বাস্থ্য অভিযান , জিলা স্বাস্থ্য সমিতি, দৰংৰ উদ্যোগত আৰু মঙ্গলদৈ অসামৰিক চিকিৎসালয়ৰ মানসিক ৰোগ বিভাগৰ তৰফৰ পৰা ২৫ ,২৬ নবেম্বৰত মানসিক ৰোগৰ  সজাগতাৰ বাবে দৰঙৰ  বিভিন্ন অঞ্চলত সুকনান্নী ওজাপালিৰ জৰিয়তে মানসিক ৰোগৰ সজাগতা মূলক অনুষ্ঠান  প্ৰদৰ্শন কৰা হয়।ভেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়, পাথৰিঘাট সাপ্তাহিক হাট ,গণকপাৰা, ডাঁহী আদিত  স্থানীয় ৰাইজ তথা ছাত্ৰ-ছাত্ৰীৰ  মাজত দৰঙৰ বিশিষ্ট ওজাপালি প্ৰনৱ শৰ্মা আৰু সংগীবৃন্দৰ দ্বাৰা সুকনান্নী ওজাপালিৰ জৰিয়তে মানসিক ৰোগৰ সজাগতা মূলক অনুষ্ঠান  প্ৰদৰ্শন কৰে । যত প্ৰত্যক ঠাইতেই শতাধিক ৰাইজ তথা ছাত্ৰ-ছাত্ৰীযে ওজাপালি উপভোগ কৰে । বিভিন্ন মানসিক ৰোগৰ বিষয়ে ওজা প্ৰনৱ শৰ্মাই ৰচিত কৰা কথাৰে ওজাপালি প্ৰদৰ্শন কৰে লগতে সেই পদৰ মাজে মাজে পালিৰ লগত  বেমাৰবোৰৰ বিষয়ে ভাঙনি কৈ যায় ।  মঙলদৈ অসামৰিক চিকিৎসালয়ৰ নৈদানিক মনোবিজ্ঞানী পুষ্প কলিতা আৰু মানসিক সমাজসেৱী প্ৰাঞ্জল ঠাকুৰীয়াই  ৰাইজ তথা ছাত্ৰ-ছাত্ৰীৰ মাজত  মানসিক ৰোগৰ ক্ষেত্ৰত লবলগা সজাগতাৰ বিষয়ে কয় – বিশেষকৈ ৰোগ সম্পৰ্কে গুৰুত্ব নিদি বৈজ্ঞানিক ভাৱে চিকিৎসা নকৰা ,নহলে অন্ধবিশ্বাসৰ বলি হৈ ভুত -প্ৰেতে ধৰা বুলি বেজ কবিৰাজৰ দ্বাৰা জৰা ফুকা কৰা । মানসিক ৰোগ মানেই ‘পগলা’ হিচাপে  বিবেচিত কৰি লুকাই ৰখা । বেমাৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰা । ৰোগীক আতংকিত নকৰি নিয়মিত ঔষধ সেৱনৰ লগতে নিয়মিতভাৱে চিকিৎসা আগবঢ়োৱা  আৰু বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ মোৱাইল ফোনৰ অত্যাধিক ব্যৱহাৰ ফলত হব পৰা মানসিক ক্ষতিৰ বিষয়ে অৱগত কৰে  । শেষত মনোৰোগ বিভাগৰ সহায়কাৰী জয়ন্ত দেৱ শৰ্মাই সকলোৰে মাজত মানসিক ৰোগৰ বিভিন্ন প্ৰচাৰ প্ৰত্ৰিকা বিতৰণ কৰে ।

Leave A Reply