Breaking

দেশৰ আভ্যন্তৰীণ সুৰক্ষা নিশ্চিত কৰাৰ চেষ্টাঃ ভাৰত আৰু ম্যানমাৰৰ মাজত মুক্ত চলাচল ব্যৱস্থা বাতিল কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ…

0 22

দেশৰ আভ্যন্তৰীণ সুৰক্ষা নিশ্চিত কৰাৰ চেষ্টাঃ ভাৰত আৰু ম্যানমাৰৰ মাজত মুক্ত চলাচল ব্যৱস্থা (এফ এম আৰ) বাতিল কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ। এয়া প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমাৰ সীমা সুৰক্ষিত কৰাৰ সংকল্প – কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বৰ্তমানে ইয়াক বাতিল কৰাৰ প্ৰক্ৰিয়াত আছে, সেয়েহে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এফ এম আৰ তাৎক্ষণিকভাৱে স্থগিত ৰখাৰ পৰামৰ্শ দিছে।গৃহ মন্ত্ৰালয়ে দেশৰ আভ্যন্তৰীণ নিৰাপত্তা নিশ্চিত কৰিবলৈ আৰু ম্যানমাৰৰ সীমান্তৱৰ্তী ভাৰতৰ উত্তৰ-পূব ৰাজ্যসমূহৰ জনগাঁথনি বৰ্তাই ৰখাৰ বাবে ভাৰত আৰু ম্যানমাৰৰ মাজত মুক্ত চলাচল ব্যৱস্থা (এফ এম আৰ) বাতিল কৰাৰ সিদ্ধান্ত লৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী অমিত শ্বাহে ‘এক্স’ত এটা পোষ্টত এই সন্দৰ্ভত কয় যে “এয়া আমাৰ সীমা সুৰক্ষিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ সংকল্প, গৃহ মন্ত্ৰালয়ে সিদ্ধান্ত লৈছে যে দেশৰ আভ্যন্তৰীণ নিৰাপত্তা নিশ্চিত কৰিবলৈ আৰু ভাৰতৰ উত্তৰ-পূব ৰাজ্যসমূহৰ জনগাঁথনি বৰ্তাই ৰখাৰ বাবে ভাৰত আৰু ম্যানমাৰৰ মাজত মুক্ত চলাচল ব্যৱস্থা (এফ এম আৰ) বাতিল কৰিব লাগে। যিহেতু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বৰ্তমান ইয়াক বাতিল কৰাৰ প্ৰক্ৰিয়া চলাই আছে, সেয়েহে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এফ এম আৰ তাৎক্ষণিকভাৱে স্থগিত ৰখাৰ পৰামৰ্শ দিছে।”

Leave A Reply