সঘনাই হোৱা ভোক নিয়ন্ত্ৰণ কৰিব বিচাৰে নেকি? বেঙেনা খাওক, ইয়াৰ ফল পাব। পেটটো ভৰাই ৰখাৰ উপৰিও শাক-পাচলিয়ে আপোনাৰ স্বাস্থ্য ভালে ৰাখিব।(eggplant)
পুষ্টিবিদসকলৰ মতে বেঙেনাত আঁহৰ পৰিমাণ বেছি। ‘ইৰানিয়ান জাৰ্নেল অৱ বেচিক মেডিকেল চাইন্সেছ’ত প্ৰকাশিত এক গৱেষণা পত্ৰত কোৱা হৈছে যে ওজন নিয়ন্ত্ৰণত আঁহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। সঘনাই হোৱা ভোক নিয়ন্ত্ৰণ কৰিব বিচাৰিলে বেঙেনা খাব পাৰে। পুষ্টিবিদসকলৰ মতে বেঙেনাত ২০ কেলৰি থাকে। ৫ গ্ৰাম কাৰ্বহাইড্ৰেট থাকে। ইয়াত প্ৰায় ৩ গ্ৰাম আঁহ থাকে। ইয়াৰ উপৰিও বেঙেনাত ১ গ্ৰাম প্ৰটিন থাকে। পৰ্যাপ্ত পৰিমাণে মেংগানিজ, ফ’লেট, পটাছিয়াম, ভিটামিন কে আৰু চি আদিও থাকে বেঙেনাত।
ইয়াৰ বাহিৰে বেঙেনাত আৰু কি কি গুণ আছে-
১) বেঙেনাত এন্টিঅক্সিডেন্টৰ পৰিমাণ বেছি। এই উপাদানে শৰীৰৰ যিকোনো ধৰণৰ ক্ষতি ৰোধ কৰিব পাৰে। এন্টিঅক্সিডেন্টৰ দ্বাৰা হৃদৰোগ আৰু কৰ্কট ৰোগৰ দৰে দীৰ্ঘদিনীয়া ৰোগ হোৱাৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।
২) বেঙেনাই তেজত থকা বেয়া কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইড নিয়ন্ত্ৰণ কৰিব পাৰে। গতিকে এই পাচলি বিধ খালে হৃদযন্ত্ৰৰ ৰোগ হোৱাৰ সম্ভাৱনা কমিব পাৰে।
৩)বেঙেনাত যিহেতু আঁহৰ পৰিমাণ বেছি, গতিকে এই বেঙেনা খালে অতিৰিক্ত তেজৰ চেনি নিয়ন্ত্ৰণ কৰাত সহায় হ’ব পাৰে।

