Breaking

কনচুলাৰ সহায়ৰ সুবিধা লাভ কৰিছে কাটাৰত মৃত্যুদণ্ডৰ সন্মুখীন হোৱা ৮ জন ভাৰতীয়ই : বৈদেশিক দপ্তৰ…

0 94

কনচুলাৰ সহায়ৰ সুবিধা লাভ কৰিছে কাটাৰত মৃত্যুদণ্ডৰ সন্মুখীন হোৱা ৮ জন ভাৰতীয়ই : বৈদেশিক দপ্তৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বৃহস্পতিবাৰে কয় যে কাটাৰত মৃত্যুদণ্ডৰ সন্মুখীন হোৱা আঠজন ভাৰতীয়ক ভাৰতক কনচুলাৰ সহায়ৰ সুবিধা প্ৰদান কৰা হৈছে। আজি নতুন দিল্লীত সংবাদমাধ্যমক এই কথা অৱগত কৰি বৈদেশিক দপ্তৰৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয় যে গোচৰটো সন্দৰ্ভত ইতিমধ্যে দুটা শুনানি অনুষ্ঠিত হৈছে। তেওঁ লগতে কয় যে প্ৰধানমশ্ৰী নৰেন্দ্ৰ মোদীয়ে ডুবাইত চিঅ’পি২৮ সন্মিলনৰ সময়ত কাটাৰৰ শীৰ্ষ নেতাসকলৰ সৈতে এই বিষয়ত বিস্তৃত আলোচনা কৰিছে। মুখপাত্ৰগৰাকীয়ে লগতে কয়, “প্ৰধানমন্ত্ৰী মোদীয়ে ডুবাইত কাটাৰৰ আমিৰ শ্বেখ তামিম বিন হামাদক সাক্ষাৎ কৰি বিষয়টো সন্দৰ্ভত বাৰ্তালাপ কৰিছে…” ৮ জন ভাৰতীয় প্ৰাক্তন নৌসেনাৰ বিষয়াই কাটাৰৰ এটা কোম্পানীত কাম কৰি আছিল।

India and Qatar, symbol of national flags from textile. Relationship, partnership and championship between Asian countries.

তেওঁলোকক চোৰাংচোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু কাটাৰৰ আদালতে তেওঁলোকৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ ৰায় দিছিল। ভাৰতৰ ৰাষ্ট্ৰদূতে সেই ৮ গৰাকী ভাৰতীয়ক ৩ ডিচেম্বৰত কাৰাগাৰত লগ কৰিবলৈ কনচুলাৰ সুবিধা লাভ কৰিছিল।

কাটাৰত ৮ ভাৰতীয়ক মৃত্যুদণ্ডবিহাকলৈ ভাৰত চৰকাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি আহিছে। ৮ ভাৰতীয়ক মৃত্যুদণ্ডৰ শাস্তি শুনোৱা সিদ্ধান্তক লৈ বৈদেশিক মন্ত্ৰণালয়ে কৈ আহিছে যে এই ঘটনাক লৈ ভাৰত স্তম্ভিত। ভাৰতে এই বিষয়ত সকলো আইনী বিকল্পৰ সন্ধান কৰি আছে।

বৈদেশিক মন্ত্ৰণালয়ে কয় যে কাটাৰৰ আদালতে অল দহৰা কোম্পানীৰ ৮ ভাৰতীয় কৰ্মচাৰীৰ বিৰুদ্ধে থকা গোচৰৰ ৰায় প্ৰদান কৰিছে। আদালতে এই আটাইকেইজন ভাৰতীয়ক মৃত্যুদণ্ডৰ শাস্তি বিহিছে। এই ৮ ভাৰতীয় বিগত বৰ্ষৰ অক্টোবৰৰ পৰা কাটাৰত বন্দী হৈ আছে।

বৈদেশিক মন্ত্ৰণালয়ে কয়, ‘আমি মৃত্যুদণ্ডৰ সিদ্ধান্তত স্তম্ভিত আৰু বিস্তৃত সিদ্ধান্তৰ অপেক্ষাত আছো। আমি পৰিয়ালৰ সদস্যসকল আৰু আইনী বিশেষজ্ঞৰ সৈতে যোগাযোগত আছো আৰু সকলো আইনী বিকল্পৰ সন্ধান কৰি আছো। আমি এই বিষয়টো গুৰুত্ব সহকাৰে লৈছো আৰু তীক্ষ্ণ নজৰত ৰাখিছো। আমি সকলো কনচুলাৰ আৰু আইনী সাহায্য প্ৰদান কৰিম। আমি এই সিদ্ধান্তৰ বিষয়ে কাটাৰৰ বিষয়াৰ সন্মুখতো উত্থাপন কৰিম।
বৈদেশিক মন্ত্ৰণালয়ে কয় যে এই আটাইকেইজন ভাৰতীয় নৌসেনাৰ প্ৰাক্তন কৰ্মী। ভাৰতীয় কৰ্মীসকল তাত ২০২২ৰ আগষ্টৰ পৰা বন্দী হৈ আছে। তেওঁলোকৰ বিৰুদ্ধে অভিযোগ সন্দৰ্ভত কাটাৰে কোনো কথা ৰাজহুৱা কৰা নাই। বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কৈছিল যে এই গোচৰৰ সপ্তম শুনানি ৩ অক্টোবৰত হৈছিল আৰু ভাৰতে ‘ক’ৰ্ট অব ফাৰ্ষ্ট্ৰ ইনষ্টেন্স’ত কাৰ্যক্ৰমৰ ওপৰত নজৰ ৰাখি আছিল। এই আটাইকেইজন ভাৰতীয় ব্যক্তিগত কোম্পানী দহৰা গ্ল’বেল টেকন’লজীছ এণ্ড কনচালটেন্সী ছাৰ্ভিচেজৰ বাবে কাম কৰি আছিল। কাটাৰস্থিত ভাৰতৰ ৰাষ্ট্ৰদূতে ১ অক্টোবৰত কাৰাগাৰত এই কৰ্মীকেইজনক সাক্ষাৎ কৰিছিল।

Leave A Reply