নিৰ্বাচন সমাগত ,এই সময়ছোৱাত সলনি হৈছে একাংশৰ নিৰ্বাচনী ৰণ কৌশল ।দল সলনি কৰিছে একাংশ প্ৰতাপী নেতাই।আজি ডিব্ৰুগড় ৰাজীৱ ভৱনত অনুষ্ঠিত এখনি গুৰুত্বপূৰ্ণ সভাত আনুষ্ঠানিকভাৱে তেওঁ দায়িত্ব এৰি জ্যেষ্ঠ নেতা দেৱৰঞ্জন গগৈক তেওঁ দায়িত্ব অৰ্পণ কৰে।আৰু ভাষণ প্ৰসংগত তেওঁ কয় বিধানসভাৰ নিৰ্বাচনৰ বাবে এই দায়িত্ব এৰি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ।ইফালে এই অনুষ্ঠানতে কৃষক মুক্তি সংগ্ৰাম সমিতি মৰাণ সমষ্টিৰ সভাপতি তথা কা-বিৰোধী মঞ্চৰ উপ-সভাপতি নীলমণি পানীফুকনে কংগ্ৰেছ দলৰ প্ৰতি আকৰ্ষণ হৈ বহু সংখ্যক সতীৰ্থ সহ এই সভাতে কংগ্ৰেছত যোগদান কৰে।

