বিশ্বনাথ চাৰিআলিৰ সৎসংগ উচ্চ মাধ্যমিক বিদ্যালয়ৰ কাষৰ এখন পুৰণি দোকানৰ বাৰণ্ডা জীৱন সংগ্ৰাম চলাই আহিছে এহাল বৃদ্ধ দম্পতীয়ে। ভিতৰৰ পৰা আকাশ দেখা এই বৃদ্ধ দম্পতীৰ বাবে যেন ৰদ বৰষুণ একোৱেই নাই। কোনোবাই মৰম কৰি কিবা এটা দিছে ,তাকেই তৃপ্তিৰে খাই জীৱনৰ কঠিন যুঁজ খন চলাই নিছে এওঁলোকে। তাৰবাবে কোনো আক্ষেপ নাই তেওঁলোকৰ। বিশ্বনাথ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ ওচৰতে থকা এই এই পৰিয়ালটোৰ খবৰ লবলৈ যেন কৰোৱেই আহৰি নাই। চিনি পোৱা দুই একে কেতিয়াবা দান কৰা খাদ্য সামগ্ৰীৰে বাৰণ্ডাৰ এটা চুকত ৰান্ধি খোৱাৰ দৃশ্য হৃদয়স্পৰ্শী। বিশ্বনাথ চাৰিআলিৰ কলেজ ৰোডৰ সমীৰ ঘোষ (৬৮) নামৰ এজন ব্যক্তি ৰ কথাই উল্লেখ কৰা হৈছে এই প্ৰতিবেদনত। পূৰ্বে কলেজ ৰোডৰ এটা স্থানত আছিল তেওঁলোকৰ বাসগৃহ। ঘৰৰ অৱস্থা ও আছিল স্বচ্ছল। এইয়া ৩০/৩৫ বছৰৰ আগৰ কাহিনী।তেতিয়াৰ সফল ডেকা সমীৰে বিয়া কৰাইছিল ঢেকিয়াজুলিৰ কাজলক। নিজৰ কৰ্মৰ মাজৰে সংসাৰ চলাই যোৱা সমীৰ আৰু পত্নী কাজল ঘোষৰ জীৱনলৈ আহিছিল তিনিটি কন্যা সন্তান। সমীৰৰ সেই সংসাৰত এটা নামি আহিল দুৰ্যোগ। বিভিন্ন বেমাৰৰ বাবে নিজৰ ভেটি মাটি কোনো ধনৰ বিনিময়ত বেলেগক দি দিব লগা হল। তাৰ পিছতবিভিন্ন স্থানত ঘুৰি পকি ফুৰিবলগা হল তেওঁ। কাৰিকৰৰ কাম কৰি পেট মোকলৱা ঘোষে বিশ্বনাথ চাৰিআলি পুৰণা আদালতৰ ওচৰত চাহৰ দোকান দি পেট মোকলাইছিল । কিন্তু লাহে লাহে বয়স ৰ সৈতে হাৰ মানিলে তেওঁ। কাম কৰিব নোৱাৰা হল তেওঁ। যাৰ বাবে এতিয়া এই জৰাজীৰ্ণ বাৰণ্ডা খনেই হৈ পৰিছে তেওঁ লোকৰ আশ্ৰয় স্থল। সমীৰঘোষৰ তিনিজনী ছোৱালী বিয়াহৈ গল বিভিন্ন স্থানলৈ। তেওঁলোকো প্ৰায়েই আহি খবৰ লয় পিতৃ মাতৃৰ। ঘৰলৈ নিব খুজিলে যাবলৈ মান্তি নহয় অভিমানি ঘোষ দম্পতি। তেওঁলোকৰ আশা- আমি ভূমিহীন, চৰকাৰে আমাক মাটি দিব। আমি খিলঞ্জীয়া নহয় নেকি? এই দৰে অশ্ৰুসিক্ত নয়নৰে প্ৰশ্ন কৰিলে সমীৰ ঘোষে। লগে লগে উচাপি উঠিল কিছু পৰিমাণে হতাশ গ্ৰস্ত হৈ মানসিক ভাবে ভাঙি পৰা পৰিবাৰ কাজল ঘোষে। এৰা এইয়া জীৱনৰ বিয়লি বেলাত লোকৰ তেওঁ লোকৰ জীৱন সংগ্ৰাম।খিলঞ্জীয়াক ঘৰ, মাটি দিম বুলি শাসনলৈ অহা ড:হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ খনৰ বাৰু বিশ্বনাথৰ এই দুৰ্ভগীয়া পৰিয়ালটোৰ কথা ভাবিবলৈ আহৰি ওলাবনে ?