গুৱাহাটী: election । ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ২ মে’ তাৰিখে অনুষ্ঠিত হ’ব। নিৰ্বাচনী প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। ভোটগ্ৰহণ সুষ্ঠুভাৱে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসন, নিৰ্বাচন আয়োগ আৰু সুৰক্ষা বাহিনীয়ে একগোট হৈ কামত লাগিছে। বৃহস্পতিবাৰৰ পৰা ৰাজ্যজুৰি বিভিন্ন জিলা, উপ-জিলা আৰু ব্লকৰ পৰা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে ভোটগ্ৰহণ কৰ্মী, বিষয়া আৰু সুৰক্ষাকৰ্মীসকল।
যোৰহাট:
এইবাৰ যোৰহাট জিলাত ৯২৩টা ভোটগ্ৰহণ কেন্দ্ৰত বেলট পেপাৰৰ জৰিয়তে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। তিনিটা ৰঙৰ বেলেট পেপাৰ—নীলা (জিলা পৰিষদ), কমলা (আঞ্চলিক পঞ্চায়ত) আৰু বগা (গাঁও পঞ্চায়ত)। ৪৪টা মহিলা-চালিত কেন্দ্ৰসহ সকলো কেন্দ্ৰত ছেক্টৰ আৰু পুলিচ ছেক্টৰ অফিচাৰৰ অধীনত ভোটগ্ৰহণ চলিব।
শিৱসাগৰ:
৫ আঞ্চলিক পঞ্চায়ত, ১২ জিলা পৰিষদ আৰু ৮২ গাঁও পঞ্চায়তৰ ৮২০টা ৱাৰ্ডৰ বাবে ৮৫৮ কেন্দ্ৰত ভোটগ্ৰহণ হ’ব। ২,২৯১জন প্ৰাৰ্থীয়ে নিৰ্বাচনত অংশ লৈছে। জিলা উপায়ুক্তৰ নেতৃত্বত সকলো প্ৰস্তুতি সম্পূৰ্ণ।
মাজুলী:
২০টা গাঁও পঞ্চায়তৰ অধীনত ২১৩ কেন্দ্ৰত ভোটগ্ৰহণ হ’ব। তাৰে ২২টা কেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত। চৰ-চাপৰিত থকা কেন্দ্ৰলৈ ইতিমধ্যে পোলিং দলে ৰাওনা হৈছে।
লখিমপুৰ:
এই জিলাত ৮৩ গাঁও পঞ্চায়তৰ ৮৩০ ৱাৰ্ডত ১,০৩৬ কেন্দ্ৰত ভোট গ্ৰহণ হ’ব। ৭.৫৯ লাখ ভোটাৰ ২,৫৬৭জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ কৰিব। ইতিমধ্যে ভোট সামগ্ৰী সংগ্ৰহ কৰি কৰ্মীসকল কেন্দ্ৰলৈ যাত্ৰা কৰিছে।
জোনাই আৰু ডিব্ৰুগড়:
১,১৬৫ কেন্দ্ৰত ৫,৭০০তকৈ অধিক প্ৰিজাইডিং-প’লিং বিষয়া আৰু ছেক্টৰ বিষয়া নিয়োজিত হ’ব। টিংখাং, নাহৰকটীয়া আদি সমষ্টিত নিৰ্বাচনী দল ইতিমধ্যে কেন্দ্ৰলৈ ৰাওনা হৈছে। ডিব্ৰুগড় জিলাত ৮.৭ লাখতকৈ অধিক ভোটাৰ আছে।
চৰাইদেউ:
মাহমৰা আৰু সোণাৰি সমষ্টিত ৭০টা মহিলা কেন্দ্ৰসহ ৪০০তকৈ অধিক কেন্দ্ৰত ভোটগ্ৰহণ হ’ব। সীমান্তৱৰ্তী অঞ্চলত নিৰাপত্তা বৃদ্ধিৰ বাবে অতিৰিক্ত বাহিনী নিয়োগ কৰা হৈছে।
সাম্প্ৰতিক এই নিৰ্বাচনত ইভিএমৰ পৰিৱর্তে বেলেট পেপাৰৰ ব্যৱহাৰ, মহিলাৰ দ্বাৰা পৰিচালিত ভোট কেন্দ্ৰ বৃদ্ধি, আৰু নিৰাপত্তাৰ বিশেষ ব্যৱস্থাই বিশেষত্ব বহন কৰিছে। নিৰ্বাচনী প্ৰক্ৰিয়াৰ সফলতা নিশ্চিত কৰিবলৈ প্ৰতিটো জিলা প্ৰশাসনে কটকটীয়া নিৰীক্ষণ আৰু প্ৰস্তুতি গ্ৰহণ কৰিছে।