শিৱসাগৰৰ দিচাংমুখত ভোট অধিকাৰৰ ক্ষোভ: ৩৭২ টা ভোট অন্য এলেকাত স্থানান্তৰৰ অভিযোগ, ৰাইজৰ ভোট বৰ্জনৰ সিদ্ধান্ত । election

শিৱসাগৰ, ২ মে’ ,২০২৫: election । শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দিচাংমুখ গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডত ভোটাধিকাৰৰ ওপৰত গুৰুতৰ অভিযোগ উঠিছে। স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি কয়, তেওঁলোকৰ এলেকাৰ ৩৭২ গৰাকী অনুসূচিত জাতিৰ ভোট বলমা মিৰি ৬ নং ৱাৰ্ডলৈ ‘জাপি দিয়া’ হৈছে, যি মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত। এই ঘটনাই অঞ্চলজুৰি তীব্ৰ অসন্তোষৰ সৃষ্টি কৰিছে।

৫ নং ৱাৰ্ডত মুঠ ১,০২৬ গৰাকী ভোটাৰ আছে, যাৰ ভিতৰত প্ৰায় ৬০০ জনই অনুসূচিত জাতিৰ অন্তৰ্গত বুলি জনোৱা হৈছে। ক্ষোভ প্ৰকাশ কৰি ৰাইজে দাবী কৰে যে, এই ঘটনাৰ সৈতে জিলা প্ৰশাসন, স্বায়ত্ব পৰিষদ আৰু একাংশ ৩য় পক্ষ জড়িত আছে আৰু তেওঁলোকৰ ভোটাধিকাৰ হৰণ কৰিবলৈ সচেতনভাৱে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে।

স্থানীয় লোকসকলে লগতে কয়, দিচাংমুখ অঞ্চলটো দীৰ্ঘদিন ধৰি উন্নয়নমূলক কাৰ্যৰ পৰা উপেক্ষিত হৈ আছে। পুৱা-পানী, বিদ্যুৎ, পথঘাট, শিক্ষা আদি মাত্ৰাত যথেষ্ট ঘাটতি থাকোঁতেই এতিয়া ভোট অধিকাৰৰ এই ধৰণৰ হস্তক্ষেপে ক্ষোভ বঢ়াইছে।

অঞ্চলবাসীৰ দাবী, সংশ্লিষ্ট ৩৭২ টা ভোট অবিলম্বে ৫ নং ৱাৰ্ডলৈ পুণঃসংযোজন কৰা হওক আৰু চক্ৰান্তত জড়িতসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হওক। নতুবা, তেওঁলোকে আগন্তুক বিধানসভা নিৰ্বাচনতো ভোট বর্জন কৰিব বুলি হুংকাৰ দিয়ে।

স্থানীয় সমাজসচেতন ব্যক্তি আৰু কিছুমান নেতা এই ঘটনাক গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত এক ‘তীব্ৰ আঘাত’ বুলি অভিহিত কৰিছে। তেওঁলোকৰ মতে, ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে জনজাতি ভোটাৰসকলৰ অধিকাৰ হৰণ কৰা এক বিপদজনক দৃষ্টান্ত, যাৰ ৰোধ অত্যন্ত প্ৰয়োজন।

Related Articles