ৰাজ্যত হবলগীয়া তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠাৰ মূহুৰ্তত ৪৯নং ছয়গাঁও বিধান সভা সমষ্টিত দুই ৰাজনৈতিক দলৰ সমৰ্থকৰ কাজিয়াই চকু কপালত তুলিছে খোদ সাধাৰণ ভোটাৰ ৰাইজৰ ।কিয়নো সমষ্টিটোত দুই প্ৰধান প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী কংগ্ৰেছ মহাজোঁটৰ ৰেকিবুদ্দিন আহমেদ আৰু মিত্ৰজোঁট অগপ ৰ প্ৰাৰ্থী ডা:কমলা কান্ত কলিতাৰ সমৰ্থকে নিৰ্বাচনত কোন প্ৰাৰ্থীয়ে ছয়গাঁও সমষ্টি দখল কৰিব তাক লৈ দৈনন্দিন কথাই কথাই কাজিয়াত লিপ্ত হোৱাৰ বাতৰি পোৱা গৈছে ।যাৰ ফলত সাধাৰণ ভোটাৰ ৰাইজ চিন্তিত হৈ পৰিছে ।এনেধৰণৰ ঘটনা মাকেলি ৰাজহ গাঁৱত সংঘটিত হোৱা খবৰে জোকাৰি গৈছে সমগ্ৰ সমষ্টিটো।যিহেতু নিৰ্বাচনত সমষ্টিটোত তুমূল প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আন এগৰাকী অসম জাতীয় দলৰ প্ৰাৰ্থী দেবজিত অধিকাৰী এতিয়া তেওঁৰ পক্ষত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সাজু হোৱা বুলি এচাম ভোটাৰ ৰাইজে জানিবলৈ দিছে ।এনেধৰণৰ সমৰ্থকৰ কাজিয়াই যদি চুড়ান্ত ৰূপ ধাৰণ কৰে তেতিয়াহলে এই দুগৰাকী প্ৰাৰ্থীৰ সলনি ৰাইজে বিকল্প ব্যৱস্থাৰ ইংগিত দিয়ে ।মুঠৰ ওপৰত ছয়গাঁৱৰ ৰাইজ এইবাৰ সম্পূৰ্ণ সজাগ হৈ বিবেক ভোট প্ৰদান কৰা বাবে সাজু হৈ থকা জানিবলৈ দিয়ে ।উল্লেখযোগ্য যে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহবৰ বাবে সমষ্টিবাসী ৰাইজে প্ৰশাসনৰ ওচৰত গাঁৱে ভূঞে সঘনাই কঢ়া নজৰ ৰাখিবলৈ দাবী জনাইছে ।

