Breaking

অসমৰ ১২৬ টা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিলে নিৰ্বাচন আয়োগে…

0 64

নিৰ্বাচন আয়োগে শুকুৰবাৰে অসমৰ ১২৬ টা সমষ্টিৰ বাবে খচৰা ভোটাৰ তালিকা প্ৰকাশ প্ৰকাশষ কৰে। সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ পিছত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে অসমৰ আটাইকেইটা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে। ভোটাৰ তালিকা অনুসৰি অসমত মুঠ ভোটাৰ : ২,৪৩,০২,৪৬০ গৰাকী। পুৰুষ ভোটাৰঃ ১,২২,১২,৪৮৩ গৰাকী, মহিলা ভোটাৰঃ ১,২০,৮৯,৫৬৯ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ ৪০৮ গৰাকী৷ ৰাজ্যখনৰ মুঠ ২৮,৬৪৫ টা ভোটকেন্দ্ৰৰ বাবে এই খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে।

উল্লেখ্য সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ পিছত ৰাজ্যখনৰ মুঠ ভোটকেন্দ্ৰৰ সংখ্যা ২৮,২০৫ ৰ পৰা ২৮,৬৪৫ লৈ বৃদ্ধি পাইছে। ৰাজ্যখনত সামগ্ৰিকভাৱে ১,৯০,৭১৭ গৰাকী ভোটাৰ (০.৮%) বৃদ্ধি হৈছে। ভোটাৰ তালিকা সন্দৰ্ভত আপত্তি দাখিল কৰাৰ সময় ৮-১২-২০২৩ ৰ পৰা ৮-১-২০২৪ লৈ নিৰ্ধাৰণ কৰা হৈছে । ১৮ বছৰ বয়সৰ আবেদনকাৰীসকলে https://voters.eci.gov.in/ পৰ্টেল বা ভোটাৰ হেল্পলাইন এপৰ জৰিয়তে অনলাইনত ভোটাৰ তালিকাত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ আবেদন কৰিব পাৰে। সকলো দাবী আৰু আপত্তি নিষ্পত্তি কৰাৰ পিছত ২০২৪ চনৰ ৮ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব।

Leave A Reply