২০২৬ৰ অসম (Election Commission team) বিধানসভাৰ নিৰ্বাচনৰ দিন সমাগত৷ এনে সময়তে অসম ভ্ৰমণ কৰিছে কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ দলে৷ বুধবাৰে গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত এখন সংবাদমেল সম্বোধন কৰে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে৷ আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বিভিন্ন দিশ সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যৰে দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীলৈ অহা দেশৰ নিৰ্বাচন আয়োগৰ দলটোৱে সংবাদমেল সম্বোধন কৰে৷ সোমবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হোৱা আয়োগৰ দলটোৱে মঙলবাৰ আৰু বুধবাৰে বিভিন্ন পক্ষৰে আলোচনাত মিলিত হোৱাৰ পাছত বিয়লি সংবাদমেল সম্বোধন কৰে৷ দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত অসমলৈ অহা দলটোত নিৰ্বাচন আয়ুক্তদ্বয় ডাঃ এছ এছ সান্ধু আৰু ড॰ বিবেক যোশীৰ লগতে আয়োগৰ কেইবাগৰাকী বিষয়ববীয়া আছে৷
সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে সকলো ভোটাৰকে ভোটদানৰ বাবে আহ৩ান জনাই কয়, ‘ভোটদানক লোকতন্ত্ৰৰ মহা উৎসৱ হিচাপে সকলো ভোটাৰে উদ্যাপন কৰিব লাগে৷ যুৱ ভোটাৰসকলক এই উৎসৱত অংশ লোৱাৰ বাবে আহ৩ান জনাইছোঁ৷ যাতে আমাৰ গণতন্ত্ৰ শক্তিশালী হয়৷ বিগত নিৰ্বাচনসমূহত অসমত ভোটদানৰ হাৰ যথেষ্ট ভাল হৈছে৷ এইবাৰো সকলোৱে নিজৰ দায়িত্ব পালন কৰিব বুলি আমি আশা কৰোঁ৷ আগন্তুক নিৰ্বাচনৰ বাবে প্ৰস্তুতিৰ বুজ ল’বলৈ আমি অসমলৈ আহিছোঁ৷ দুদিন ধৰি আমি বিভিন্ন পক্ষৰ লগত আলোচনা কৰি সমীক্ষা কৰিছোঁ৷ কোনো ভোটাৰ যাতে থাকি নাযায় তাৰ বাবে এছ আৰ কৰা হৈছে৷ সেইদৰে অযোগ্য ভোটাৰৰ নাম কৰ্তন কৰা হৈছে৷’ মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে কয়, ‘চূড়ান্ত ভোটাৰ তালিকা অনুসৰি অসমত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২ কোটি ৪৯ লাখ ৫৮ হাজাৰ ১৩৯গৰাকী৷ পুৰুষ আৰু মহিলাৰ সংখ্যা প্ৰায় সমান৷ অসমত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ৩১,৪৮৬ টা৷ গাঁও অঞ্চলত থাকিব ২৭,৭১১ টা ভোটকেন্দ্ৰ আৰু নগৰাঞ্চলত থাকিব ৩,৭৭৭ টা ভোটকেন্দ্ৰ৷
মহিলাই পৰিচালনা কৰিব ৩৭১৬টা ভোটকেন্দ্ৰ৷ একোটা ভোটকেন্দ্ৰত ১২০০১ অধিক নহ’ব ভোটাৰ৷ যাতে দীঘলীয়া শাৰী নহয়৷ ভোটকেন্দ্ৰত ভোটাৰৰ বাবে বহাৰ লগতে খোৱাপানীৰ ব্যৱস্থা থাকিব৷ দিব্যাংগৰ বাবে যাৱতীয় সকলো সুবিধা থাকিব৷ সকলো ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা থাকিব৷ আনহাতে ইচিনেট এপ ডাউনলোড কৰি নিৰ্বাচন সম্পৰ্কীয় সকলো তথ্য লাভ কৰিব পাৰিব৷ স্বচ্ছ আৰু নিকাভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ নিৰ্বাচনত জড়িত সকলোকে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ ডি ই অ’ আৰু এছ এছ পিসকলক নিৰপেক্ষভাৱে আইনৰ দৃষ্টিকোণেৰে কাম কৰাৰ নিৰ্দেশ দিয়া হৈছে৷ মিছা বাতৰি আৰু এ আইৰ মিছা প্ৰচাৰৰ ক্ষেত্ৰত নজৰ দিয়াৰ বাবে পৃথকে টীম থাকিব৷ আমি প্ৰতিটো পক্ষৰ লগত আলোচনাত বহিছোঁ আৰু নিৰ্দেশনাসমূহ অৱগত কৰা হৈছে৷’
এইবাৰৰ নিৰ্বাচত কি কি নতুনত্ব থাকিব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে কয়, ‘অসমত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত বহুকেইটা নতুনত্ব থাকিব৷ তাৰ ভিতৰত এইবাৰ ভোটাৰসকলে ভোটকেন্দ্ৰৰ চৌহদলৈ মোবাইল ফোন নিব পাৰিব৷ ভোটকেন্দ্ৰত প্ৰৱেশৰ পূৰ্বে বাহিৰত মোবাইল ৰখাৰ ব্যৱস্থা থাকিব৷ এইবাৰ ই ভি এমত প্ৰাৰ্থীৰ ফটো ৰঙীন আৰু নাম ডাঙৰকৈ থাকিব৷ ভোটকেন্দ্ৰত ভিৰ কমোৱাৰ বাবে একোটা ভোটকেন্দ্ৰত ১২০০১ বেছি ভোটাৰ নাথাকিব৷ আনহাতে এইবাৰ প্ৰাৰ্থীসকলে ভোটকেন্দ্ৰৰ ১০০ মিটাৰ আঁতৰত নিজৰ কাৰ্যালয় ৰাখিব পাৰিব৷ এইবাৰ সকলো তথ্য পোৱাৰ বাবে নতুনকৈ ‘এচিনেট’ এপ কৰা হৈছে৷ সকলো ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা থাকিব৷ এইবাৰ বি এল অ’ৰ পৰিচয় পত্ৰ দিয়া হৈছে৷ বহুকেইটা নতুনত্ব পাব এইবাৰ৷’ বিহুৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত হ’ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে কয়, ‘দিল্লীত নিৰ্বাচন আয়োগৰ বৈঠক অনুষ্ঠিত হোৱাৰ পাছতহে নিৰ্বাচনৰ দিন ঠিক কৰা হ’ব৷ বিহু অসমৰ অত্যন্ত গুৰুত্বপূৰ্ণ উৎসৱ৷ বিহুৰ তাৰিখৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে নিৰ্ণয় কৰিব৷ কিন্তু কেইটা পৰ্যায়ত কেতিয়া নিৰ্বাচন হ’ব সেই কথা এই মুহূৰ্তত ক’ব পৰা নাযাব৷ কিন্তু যি নিৰ্ণয় লোৱা হ’ব সেয়া ভোটাৰৰ পক্ষতে লোৱা হ’ব৷’

