ধূপধৰাৰ বিভিন্ন প্ৰান্তত পৰিত্যক্ত অৱস্হাত বিদ্যুতৰ খুঁটা

সম্প্ৰতি  ৰাজ্য চৰকাৰৰ শক্তি বিভাগ সৰৱ হৈ ক্ষীপ্ৰতাৰে কাৰ্য সম্পাদন কৰা পৰিলক্ষিত হৈছে । বিশেষকৈ অবৈধ ভাৱে বিদ্যুৎ সংযোগ কৰা বা বিদ্যুতৰ মাছুল নিদিয়া সকলৰ বাবে কঠোৰ গৈছে । সেই হিচাপে গোৱালপাৰা জিলাৰ বিভিন্ন স্হানতো বিদ্যুৎ বিভাগে এই অভিযান  চলাই আছে যদিও ইয়াৰ পূব প্ৰান্তত অৱস্হিত  ধূপধৰা স্হিত বৈদ্যুতিক উপ:সংমণ্ডলৰ অধীনৰ  ভিন্ন  স্হানৰ গাঁৱত  আজি কেই বছৰৰ পৰা বিদ্যুতৰ পকী খুঁটা  পৰিত্যক্ত অৱস্হাত  পৰি আছে ।  জানিব পৰা মতে  বৃহত্তৰ  ধূপধৰা অঞ্চলত  বিভাগে  আজি কেই বছৰৰ পৰা  চৰকাৰী  আঁচনিৰ জৰিয়তে  এই  পকী খুঁটা সমূহ পুতি বিদ্যুৎ সংযোগৰ কাম কৰি আহিছিল । কাম সম্পাদন কৰাৰ পিছতে এইদৰে  য’ত-ত’ত  পেলাই  থৈ দিয়া হয় পকী পোষ্ট সমূহ ।  উপ:সংমণ্ডলটোৰ  বিমানপাৰা গাঁৱৰ পথৰ কাষৰ লগতে খেকাপাৰাৰ শিল ভঙা ক্ৰেছাৰ মেছিনৰ কাষত কেইবা ডালো পোষ্ট আজিও  পৰিত্যক্ত অৱস্হাতে আছে ।  অঞ্চলটোৰ  কেইবাখনো স্হানত  আজিও বাৰুকৈয়ে প্ৰয়োজন হৈ থকা বিদ্যুতৰ  খুঁটা এনেদৰে কেইবা বছৰো পৰিত্যক্ত  হৈ থকা  কাৰ্যই  ধূপধৰা স্হিত উপ:সংমণ্ডলৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ অমনোযোগীতাকে সূচাইছে ।

Related Articles