Breaking

নগৰবেৰাত বিদ্যুৎস্পৃষ্ট হৈ থিতাতে নিহত এজন ব্য়ক্তি…

0 33

কামৰূপৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত নায়টৰ বিদ্যানগৰত আজি দুপৰীয়া এক চাঞ্চল্যকৰ কাণ্ড সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি আজি দুপৰীয়া শুক্ৰবৰীয়া জুম্মা নামাজৰ পৰত বিদ্যুৎ বিভাগৰ লাইনমেন আৰু একাংশ হাজিৰা শ্ৰমিকে বিদ্যুতৰ তাঁৰত লাগি থকা গছৰ ডাল-পাত কাটিবলৈ লয়। সেই সময়ত লাইনমেন ডিম্বেশ্বৰ ঠাকুৰীয়া আৰু কাশেম আলীয়ে দুই শ্ৰমিক ক্ৰমে-চাহিনুৰ ইছলাম আৰু ছাদ্দাম হুছেইনক খুটাৰ ওপৰলৈ বগাই তাঁৰত লাগি থকা গছৰ ডাল-পাতবোৰ কাটি দিবলৈ কয়।

দুয়ো ওপৰলৈ গৈ দুটা খুটাৰ ওপৰত বহি ডাল কাটি থকা অৱস্থাতেই ৰহস্যজনক ভাবে বিচ্ছিন্ন কৰি থোৱা বিদ্যুত ৰ যোগান ধৰাত দুয়ো বিদ্যুৎস্পৃষ্ট হয় যদিও একাংশই ছাদ্দাম হুছেইনক তললৈ নমাবলৈ সক্ষম হয় পিছে গাঁৱখনৰ মধু মণ্ডলৰ পুত্ৰ চাহিনুৰ ইছলাম (২৫) নামৰ যুৱকজন খুটাৰ ওপৰতেই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰে। জুম্মাৰ নামাজাৰ পিছতেই গাঁৱখনত লাগে হুলস্থূল, ছাদ্দাম হুছেইন নামৰ যুৱজনো সম্প্ৰতি আহত হৈ সংকটজনক অৱস্থাত নগৰবেৰাত চিকিৎসাধীন। অভিযোগ অনুসৰি বিভাগীয় লাইনমেন ডিম্বেশ্বৰ ঠাকুৰীয়া আৰু কাশেম আলীৰ ভুলৰ বাবেই এই অঘটন সংঘটিত হ’বলৈ পালে বুলি ৰাইজে অভিযোগ তুলিছে।

ইফালে উত্তেজিত ৰাইজে লাইনমেন ডিম্বেশ্বৰ ঠাকুৰীয়াক উত্তম-মধ্যম শোধাই এখন দোকানৰ শ্বাটাৰ’ বন্ধ কৰি আৱদ্ধ কৰি ৰাখে। ৰাইজে উত্তাল প্ৰতিবাদো সাৱ্যস্ত কৰে, নগৰবেৰা, ছয়গাওঁ, বকো আৰু টুপামাৰী আৰক্ষীৰ মধ্যস্থতাত পৰিস্থিতি নিয়ন্ত্ৰণাধীন হয়। অৱশেষত নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ উৎপল ডেকাৰ উপস্থিতিত মৃতদেহ তাঁৰৰ ওপৰৰ পৰা নমাই মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়াৰ লগতে আৱদ্ধ লাইনমেন ডিম্বেশ্বৰ ঠাকুৰীয়াকো উদ্ধাৰ কৰে আৰক্ষীয়ে। ঘটানটোক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনা বিয়পে।

Leave A Reply