গোসাঁইগাঁও, ২৮ মে’:
electricity । উৎকট গৰমে জনজীৱন অতিষ্ঠ কৰি তোলা এই সময়ছোৱাত তেলীপাৰা-হাৰাপুটা বজাৰত বিদ্যুত সংযোগ কৰ্তন হোৱাৰ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়া জন্মাইছে। একৈশ মাহ ধৰি বজাৰখন অন্ধকাৰত থকাৰ ফলত স্থানীয় ব্যৱসায়ীসকল দীৰ্ঘদিন ধৰি সমস্যাৰ সন্মুখীন হৈ আছে।
স্থানীয় সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত জনা গৈছে যে, হাৰাপুটা গাঁৱৰ খলিল উদ্দিন সেখ নামৰ লোকজনে বিদ্যুত চুৰিকাণ্ডত জড়িত থকাৰ অভিযোগত সমগ্ৰ বজাৰৰ সংযোগ বিচ্ছিন্ন কৰি দিয়া হৈছে। অভিযোগ অনুসৰি, খলিল উদ্দিন সেখৰ নামত কেইবালক্ষাধিক টকাৰ বকেয়া বিদ্যুত বিল পেণ্ডিং হৈ আছে, যি আজিও আদায় হোৱা নাই।
ব্যৱসায়ীসকলে অভিযোগ কৰিছে যে, এজন ব্যক্তিৰ অপৰাধৰ বাবে সমগ্ৰ বজাৰক শাস্তি দিয়াটো সম্পূৰ্ণ অযৌক্তিক। তদুপৰি খলিল উদ্দিন সেখে সদায় মিছা প্ৰতিশ্ৰুতি আৰু ছলচাতুৰীৰ আশ্ৰয় লৈ সমস্যাৰ পৰা পলোৱাৰ চেষ্টা কৰিছে বুলি অভিযোগ উঠিছে।
এই ক্ষেত্ৰত স্থানীয় ব্যৱসায়ীসকলে দাবী কৰিছে—
- খলিল উদ্দিন সেখৰ বিৰুদ্ধে আইনসন্মত ব্যৱস্থা গ্ৰহণ কৰা হ’ব লাগে
- তেলীপাৰা-হাৰাপুটা বজাৰত অতি শীঘ্ৰে বিদ্যুত সংযোগ পুনৰুদ্ধাৰ কৰা হ’ব লাগিব
- সামূহিক ভোগান্তিৰ পৰা ৰক্ষা কৰিবলৈ বিচক্ষণ সিদ্ধান্ত ল’ব লাগে বিদ্যুত বিভাগে
এই সন্দৰ্ভত বিদ্যুত বিভাগে এতিয়ালৈকে আনুষ্ঠানিক বিবৃতি প্ৰদান নকৰিলেও, স্থানীয়সকলে সমস্যাটো শীঘ্ৰ সমাধান নোহোৱালে বৃহত্তৰ আন্দোলনৰ হুঁচিয়াৰিও দিয়ে।