Breaking

কাজিৰঙাত পৰ্যটকক হাতীৰ প্ৰচণ্ড খেদা : ভালুকৰ আক্ৰমণত বনকৰ্মী আহত

0 2,027

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰ দিনটোত দুটা পৃথক ঘটনা সংঘটিত হয় ৷ পুৱাৰ ভাগত কাজিৰঙা দৰ্শনৰ বাবে অহা এটা পৰ্যটক দলক এটা বনৰীয়া হাতীয়ে প্ৰচণ্ড খেদা লয় ৷ দেশীয় পৰ্যটন দলটিয়ে এখন জীপচীৰে উদ্যানখনৰ অগৰাতলী বনাঞ্চলত জীপ ছাফাৰী কৰি থকা সময়তে এটা প্ৰচণ্ড মখনা হাতীয়ে খেদি আহে ৷ জীপচীখনত থকা বনকৰ্মীয়ে শূন্যলৈ গুলী চলোৱাত বৃহৎ মখনা হাতীতো আতৰি যায় আৰু দৈব্যক্ৰমে পৰ্যটকৰ দলটো ৰক্ষা পৰে ৷ আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি বিয়লি ভাগত পুনৰ আন এক ঘটনা সংঘটিত হয় ৷ কৰ্তব্য সম্পাদন কৰি থকা বনকৰ্মীক এটা ভালুকে অতৰ্কিতে আক্ৰমণ কৰি আহত কৰে ৷

উদ্যানখন কহঁৰা বনাঞ্চলৰ দুসুতি বন শিবিৰ এলেকাত দুজন বনকৰ্মীয়ে নদীৰ পাৰেৰে কৰ্তব্য সম্পাদন কৰি থকা অৱস্থাতে ভালুকে অতৰ্কিতে উদ্যানখনৰ অস্থায়ী বনকৰ্মী মনোজ গগৈক আক্ৰমণ কৰে ৷ হাতত থকা বন্দুকটো ভালুকৰ মুখৰ সন্মুখত পাতি দিয়াৰ বাবে কম পৰিমাণে আহত হয় মনোজ গগৈ ৷ লগত থকা আনজন বনকৰ্মীয়ে শূন্যলৈ গুলী চলোৱাত ভালুকটো সেই স্থানৰ পৰা পলাই যায় ৷ পৰৱৰ্তি সময়ত কম পৰিমাণে আহত অস্থায়ী বনকৰ্মী মনোজ গগৈক বন বিভাগৰ এম্বুলেঞ্চেৰে বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক  চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ বৰ্তমান অস্থায়ী বনকৰ্মী মনোজ গগৈ বিপদমুক্ত বুলি জানিব পৰা গৈছে ৷

Leave A Reply