Breaking

বিলাসী বাহনত অহা অভিজাত চোৰে চুৰি কৰি লৈ গ’ল জি-২০ সন্মিলনৰ বাবে সজাই থোৱা ফুলৰ টাব!

0 64

বিলাসী বাহনত ভৰাই দুই অভিজাত চোৰে চুৰি কৰি লৈ গ’ল ফুলৰ টাব।

সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে এনে এটা ভিডিঅ’।

এই ভিডিঅ’টো হাৰিয়ানাৰ গুৰগাঁৱত আয়োজিত জি-২০ সন্মিলনৰ বুলি জানিব পৰা গৈছে।

৪০ লাখ টকাৰো অধিক মূল্যৰ KIA Carnival গাড়ীৰ মালিক এজনে কিয় ফুলৰ টাব চুৰি কৰিছে সেই কথা জানিবলৈ বহু ব্যৱহাৰকাৰীয়ে কৌতুহলী হৈ পৰিছে৷

আনহাতে আন কিছুমানে মন্তব্য কৰিছে যে ধনে আপোনাৰ বাবে শ্ৰেণী আৰু নৈতিকতা আনিব নোৱাৰে৷

জানিব পৰা মতে, ১ মাৰ্চৰ পৰা ৪ মাৰ্চলৈ আয়োজন হ’বলগীয়া জি-২০ সন্মিলনৰ বাবে ইতিমধ্যে আটক ধুনীয়াকৈ সজাই তোলা হৈছে গুৰগাঁও।

সন্মিলনথলীৰ চৌদিশে সুন্দৰকৈ সজাই থোৱা হৈছে ৰং বিৰঙৰ ফুলৰ টাব।

তেনে ফুলৰ টাবেই বিলাসী বাসনত ভৰাই দুজন লোকে চুৰি কৰি নিয়াৰ অভিযোগ উত্থাপন হৈছে।

এই চুৰিকাৰ্যৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Leave A Reply