ডিজিটেল ডেস্কঃ Elon Musk আমেৰিকাৰ ৰাজনীতিত এক নতুন অধ্যায়ৰ সূচনা কৰিছে প্ৰযুক্তি জগতৰ দিগন্তপ্ৰসাৰী উদ্যোগপতি ইলন মাস্কে। শনিবাৰে তেওঁ ঘোষণা কৰে যে, আমেৰিকাত নতুন এক ৰাজনৈতিক দল গঠন কৰা হৈছে, যাৰ নাম ‘আমেৰিকান পাৰ্টি’। এই ঘোষণা তেওঁ এক্স (পূৰ্বৰ টুইটাৰ)ৰ জৰিয়তে কৰিছে।
ইলন মাস্কে নিজৰ ঘোষণা পোষ্টত স্পষ্টকৈ কয়, “আপোনাক স্বাধীনতা ঘূৰাই দিবলৈ ‘আমেৰিকান পাৰ্টি’ গঠন কৰা হৈছে।” লগতে তেওঁ আমেৰিকাৰ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থাৰ তীব্ৰ সমালোচনা কৰি কয়, “দেশ ধ্বংস আৰু দুৰ্নীতিৰ ক্ষেত্ৰত ডেম’ক্ৰেট আৰু ৰিপাব্লিকানৰ মাজত কোনো পাৰ্থক্য নাই। তেওঁলোক আচলতে একেটা দল। আমি গণতন্ত্ৰত নহয়, আমি একদলীয় ব্যৱস্থাত বাস কৰিছো।”
মাস্কে উল্লেখ কৰে যে, শেহতীয়াকৈ কৰা অনলাইন এখন সমীক্ষাত দুগুণে অধিক লোকে নতুন ৰাজনৈতিক বিকল্প বিচাৰিছে। সেই অভিপ্ৰায়ই তেওঁৰ এই নতুন দল গঠনৰ মূল উৎসাহ হৈ পৰে।
ইলন মাস্কৰ এই পদক্ষেপে আমেৰিকাৰ ৰাজনৈতিক পৰিৱেশত এটা নতুন আলোড়ন সৃষ্টি কৰাৰ আশা কৰা হৈছে। ‘আমেৰিকান পাৰ্টি’য়ে কিদৰে আগবাঢ়ে আৰু জনসাধাৰণে কেনেকৈ গ্ৰহণ কৰে, সেয়া সময়হে দেখুৱাব।