Breaking

দহটি সন্তানৰ পিতৃ ইলন মাস্কে এক কোটি ডলাৰ আগবঢ়ালে জনসংখ্যা গৱেষণা প্ৰকল্পলৈ…

0 80

১০টা সন্তানৰ পিতৃ ইলন মাস্ক টুইটাৰৰ বাবে সদায় শিৰোনামত থাকে। শেহতীয়াকৈ টেছলাৰ চিইঅ’ ইলন মাস্কে আমেৰিকাৰ টেক্সাছৰ উৰ্বৰতা আৰু জনসংখ্যা গৱেষণা প্ৰকল্পলৈ এক কোটি ডলাৰ অনুদান আগবঢ়াইছে। আনহাতে চিনাকি মানুহক অধিক সন্তান জন্ম দিবলৈ আহ্বান জনাইছে মাস্কে।

মাস্কৰ মতে পুঁজি আইকিউৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত ধনী ব্যক্তিসকলক যিমান পাৰি সিমান সন্তান জন্ম দিবলৈ আহ্বান জনাইছে। দৰাচলতে মাস্কে এবাৰ টুইট কৰিছিল, ‘অসংখ্য জনসংখ্যাৰ সংকটত সহায় কৰিবলৈ মই যৎপৰোনাস্তি চেষ্টা কৰিছো। জন্মৰ হাৰ হ্ৰাস পোৱাটোৱেই সভ্যতাৰ বাবে এতিয়ালৈকে আটাইতকৈ ডাঙৰ ভাবুকি।’ ইলন মাস্ক প্ৰায়ে নিজৰ টুইটৰ বাবে সদায় শিৰোনামত থাকে। ২০২২ চনৰ ৭ জুলাইত তেওঁৰ এটা টুইটত ধেমালিতে লিখিছিল যে জন্মৰ হাৰ হ্ৰাস পোৱাটো সভ্যতাৰ বাবে এক ডাঙৰ ভাবুকি। এই সময়ত তেওঁ অধিক সন্তান জন্ম দিয়াৰ সন্দৰ্ভত কৈছিল যে পৰিৱেশৰ বাবে অধিক সন্তান জন্ম দিয়াটোৱেই ভাল।


Leave A Reply