ড’নাল্ড ট্ৰাম্প প্ৰশাসনৰ Special Government Employee পদৰ পৰা পদত্যাগ ইলন মাস্কৰ। ছ’চিয়েল মিডিয়াত বিশেষ পোষ্ট শ্বেয়াৰ কৰিলে ইলন মাস্কে। কোটিপতি উদ্যোগী ইলন মাস্কে বিশেষ চৰকাৰী কৰ্মচাৰী(Elon Musk) হিচাপে ট্ৰাম্প প্ৰশাসনৰ পৰা পদত্যাগ কথা ঘোষণা কৰে। তেওঁ ফেডাৰেল আৱৰ্জনা ৰোধ কৰা আৰু কাৰ্য্যকলাপ সুশৃংখলিত কৰাৰ লক্ষ্যৰে ট্ৰাম্প প্ৰশাসনৰ পদক্ষেপ চৰকাৰী দক্ষতা বিভাগ (DOGE)ৰ নেতৃত্ব দিছিল।
এক্সত দিয়া এটা পোষ্টত মাস্কে ৰাষ্ট্ৰপতি ট্ৰাম্পক অপচয়মূলক ব্যয় হ্ৰাস কৰাৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ জনাই ড’জে মিছনৰ ভৱিষ্যতৰ প্ৰভাৱৰ ওপৰত আস্থা প্ৰকাশ কৰে।(Donald Trump)
As my scheduled time as a Special Government Employee comes to an end, I would like to thank President @realDonaldTrump for the opportunity to reduce wasteful spending.
— Elon Musk (@elonmusk) May 29, 2025
The @DOGE mission will only strengthen over time as it becomes a way of life throughout the government.
ইলন মাস্কে কয় যে এজন বিশেষ চৰকাৰী কৰ্মচাৰী হিচাপে মোৰ নিৰ্ধাৰিত সময় শেষ হোৱাৰ লগে লগে মই ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক অপচয় কৰা ব্যয় হ্ৰাস কৰাৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ জনাইছো।