ট্ৰাম্প-মাস্ক বিবাদৰ মাজতে একাংশই মাস্কক আমেৰিকাৰ পৰা বহিষ্কাৰ কৰিবলৈ দাবী জনাইছে। অৱশ্যে ৰাছিয়া চৰকাৰৰ মুখপাত্ৰই এই সন্দৰ্ভত কোনো মন্তব্য দিব বিচৰা নাছিল।(Elon Musk vs Donald Trump)
কোটিপতি ইলন মাস্ক আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সংঘাতত আৰু লুকাই থকা নাই। ট্ৰাম্প প্ৰশাসনৰ পৰা পদত্যাগ কৰি ৰাজহুৱাভাৱে সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে এক্সৰ মুৰব্বীগৰাকীয়ে। বিনিময়ত ট্ৰাম্পেও তেওঁক সকীয়াই দিছে। এনে পৰিস্থিতিত প্ৰয়োজন হ’লে মাস্কক ‘ৰাজনৈতিক আশ্ৰয়’ দিবলৈ সাজু হৈছে ৰাছিয়া।
এই কথা দাবী কৰিছিল ৰাছিয়াৰ ষ্টেট ডুমা কমিটি অন ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছৰ ডেপুটি চেয়াৰমেন আৰু কমিউনিষ্ট পাৰ্টিৰ ডেপুটি ডিমিট্ৰি নভিকভে। অৱশ্যে মাস্কৰ ক্ষেত্ৰত এনে পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি তেওঁ নাভাবে। আনহাতে ৰাছিয়া চৰকাৰে এই বিষয়ত কোনো মন্তব্য কৰা নাই। ক্ৰেমলিনৰ মুখপাত্ৰ পেস্কোভে কয় যে, “এয়া আমেৰিকাৰ ঘৰুৱা বিবাদ। আমি ইয়াত হস্তক্ষেপ কৰিব নিবিচাৰো। মই আশা কৰিছো যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে বিষয়টো চম্ভালিব।”
ট্ৰাম্প-মাস্ক বিবাদৰ মাজতে আমেৰিকাৰ একাংশই মাস্কক বহিষ্কাৰ কৰাৰ দাবী জনাইছে। ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা টাছে নভিকোভক এই সংঘাতৰ বিষয়ে সোধা হৈছিল। তেওঁ কয়, “মই ভাবো মাস্কে সম্পূৰ্ণ বেলেগ খেল খেলিছে। তেওঁক কোনো ৰাজনৈতিক আশ্ৰয়ৰ প্ৰয়োজন নহ’ব।কিন্তু প্ৰয়োজন হ’লে ৰাছিয়াই নিশ্চিতভাৱে আশ্ৰয় দিব।” নভিকোভে দাবী কৰে যে ৰাছিয়ানসকলৰ মাস্কৰ সৈতে ব্যক্তিগত বিবাদ থাকিলেও পৰিস্থিতি বিবেচনা কৰিলে তেওঁলোকক আওকাণ কৰিব পাৰি। তেওঁ কয়, “যোৱা কেইবছৰমানৰ পৰা মাস্কে ৰাজনৈতিক যোগাযোগ গঢ়ি তুলিছে।সেয়েহে এই ক্ষেত্ৰত ব্যক্তিগত মতানৈক্যক আঁতৰাই ৰাখিব পাৰি।বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মই ভাবো যে অহা তিনি বছৰত মাস্কে ডেম’ক্ৰেটসকল হোৱাইট হাউছলৈ ঘূৰি অহাটো নিবিচাৰিব। গতিকে তেওঁ এটা নিৰ্দিষ্ট কৌশল অনুসৰণ কৰিব।”
ট্ৰাম্পৰ সৈতে ৰাজহুৱা বিবাদৰ পিছত হোৱাইট হাউছৰ প্ৰাক্তন বিষয়া ষ্টিভ বেননে মাস্কক শীঘ্ৰে আমেৰিকাৰ পৰা বহিষ্কাৰ কৰিবলৈ দাবী জনাইছে। আমেৰিকা চৰকাৰে মাস্কৰ কোম্পানী স্পেচএক্সক অধিগ্ৰহণ কৰিব লাগে। বেনন সদায় মাস্কৰ সমালোচক। তেওঁ সন্দেহ প্ৰকাশ কৰিছে যে মাস্কৰ আমেৰিকাত প্ৰৱেশ ‘অবৈধ’ হ’ব পাৰে।