এয়াৰটেলৰ জৰিয়তে ভাৰতলৈ আহি আছে আমেৰিকাৰ কোটিপতি ইলন মাস্কৰ স্পেচএক্সৰ ষ্টাৰলিংক ইণ্টাৰনেট সেৱা। সেই ঘোষণাৰ পিছদিনা ৰিলায়েন্স জিঅ’ও এয়াৰটেলে দেখুওৱা পথ অনুসৰণ কৰিলে। বুধবাৰে জিঅ’ই কয় যে ইতিমধ্যে ভাৰতলৈ ষ্টাৰলিংক ইণ্টাৰনেট সেৱা অনাৰ বাবে মাস্কৰ কোম্পানীৰ সৈতে চুক্তিবদ্ধ হৈছে। এইবাৰ ভাৰতৰ জনসাধাৰণে চৰকাৰী অনুমোদন লাভ কৰিলেহে ষ্টাৰলিংকৰ দ্ৰুতবেগী ইণ্টাৰনেটৰ সুবিধা লাভ কৰিব পাৰিব।(Elon Musk’s Starlink)
প্ৰতিদ্বন্দ্বী ভাৰতী এয়াৰটেলে এই চুক্তি ঘোষণা কৰাৰ এদিন পিছতে জিঅ’ই টেছলা আৰু স্পেচএক্সৰ বছ ইলন মাস্কৰ কোম্পানীৰ সৈতে চুক্তি স্বাক্ষৰ কৰাৰ কথা ঘোষণা কৰে। মুকেশ আম্বানীৰ কোম্পানীয়ে কয় যে এই চুক্তিৰ জৰিয়তে ষ্টাৰলিংকৰ সহায়ত জিঅ’ আৰু স্পেচএক্স উভয়ৰে সেৱা কেনেকৈ উন্নত কৰিব পাৰি আৰু দ্ৰুতবেগী ইন্টাৰনেটৰ সুবিধাসমূহ গ্ৰাহকৰ মাজলৈ কেনেদৰে কঢ়িয়াই আনিব পাৰি সেই বিষয়ে চৰ্চা কৰিব। জিঅ’ই এই কথাও জনাইছে যে ই কেৱল সেৱা আগবঢ়োৱাই নহয়, ইয়াৰ ব্যৱহাৰকাৰীসকলক ষ্টাৰলিংকৰ সৈতে জড়িত অন্যান্য সুবিধাসমূহো প্ৰদান কৰিব। অফলাইনৰ লগতে অনলাইন ষ্ট’ৰৰ জৰিয়তেও সেৱা ক্ৰয় কৰিব পাৰিব।
জিঅ’ৰ বিবৃতিত কোৱা হৈছে যে, “ইউজাৰৰ সংখ্যাৰ হিচাপত জিঅ’ হৈছে বিশ্বৰ সৰ্ববৃহৎ মোবাইল অপাৰেটৰ”। আনহাতে, কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে ইণ্টাৰনেট সেৱা আগবঢ়োৱা বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান ষ্টাৰলিংক। ফলত দুয়োপক্ষই এই চুক্তিৰ দ্বাৰা লাভৱান হ’ব। ইয়াৰ দ্বাৰা ভাৰতৰ অতি গ্ৰাম্য আৰু দুৰ্গম অঞ্চলকে ধৰি সমগ্ৰ দেশতে নিৰ্ভৰযোগ্য ব্ৰডবেণ্ড সেৱাও সক্ষম হ’ব।

