Breaking

বিশিষ্ট সাহিত্যক কনকসেন ডেকাই উন্মোচন কৰিলে দৰ্শনা বৰুৱাৰ গ্ৰন্থ ‘ভাবনাৰ কচৰৎ’

0 42

সাংবাদিক দৰ্শনা বৰুৱাৰ ‘ভাবনাৰ কচৰৎ’ শীৰ্ষক গ্ৰন্থখন বুধবাৰে গুৱাহাটীৰ দিছপুৰস্থিত এটি সভাগৃহত
বিশিষ্ট সাহিত্যিক,শিক্ষাবিদ, জ্যেষ্ঠ সাংবাদিক কনকসেন ডেকাই উন্মোচন কৰি সাৰগৰ্ভ ভাষণ প্ৰদান কৰে৷
এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে শিক্ষাবিদ, জ্যেষ্ঠ সাংবাদিক ড° দয়ানন্দ পাঠক,জ্যেষ্ঠ সাংবাদিক ড° নৰেন হাজৰিকা উপস্থিত থাকি বক্তব্য আগবঢ়ায়৷

লেখিকা তথা সাংবাদিক দৰ্শনা বৰুৱাৰ নিবন্ধ সংকলন ‘ভাবনাৰ কচৰৎ’ গ্ৰন্থখনত সন্নিৱিষ্ট হৈছে ২১টিকৈ নিবন্ধ৷
ইয়াৰে কিছুসংখ্যক লেখা পূৰ্বে দৈনিক অসম, নিয়মীয়া বাৰ্তা, দৈনন্দিন বাৰ্তা, দৈনিক গণঅধিকাৰ আদি বাতৰি কাকত আৰু সাতসৰী, আইনা জীৱনৰ আলোচনীত প্ৰকাশ পাইছে৷

সংকলনখনত নতুনকৈ লিখা কেইবাটাও চিন্তাগধুৰ লেখাও সন্নিৱিষ্ট কৰা হৈছে৷সাম্প্ৰতিক সময়ৰ ভিন্ন ঘটনাৰাজি,পৰিবেশ -পৰিস্থিতিৰ সহজ- সৰল ভাষাত বিশ্লেষণ কৰি ৰচনা কৰা নিবন্ধসমূহে প্ৰতিগৰাকী ৰুচিবান পাঠকৰ সমাদৰ লাভ কৰিব বুলি আশা কৰা হৈছে৷

২০০৬চনৰে পৰা অসমৰ আগশাৰীৰ বাতৰি কাকত-আলোচনীৰ নিয়মীয়া লেখিকা দৰ্শনা বৰুৱাৰ ‘ভাবনাৰ কচৰৎ’ ত ইতিবাচক চিন্তাৰ প্ৰতিফলন ঘটিছে৷

আত্মবিশ্লেষণৰ অস্ত্ৰোপচাৰ কৰি লেখিকাগৰাকীয়ে নিজৰ ৰচনাৰাজিৰ জৰিয়তে কিছুমান প্ৰয়োজনীয় চিন্তা সদাশয় পাঠকৰ বিচাৰৰ বাবে এৰিছে৷সাংবাদিক গৰাকীৰ গ্ৰন্থখন প্ৰকাশ কৰিছে ‘প্ৰথম খবৰ পাব্লিকেশ্যন’ৰ হৈ কমল কুমাৰে৷


সাংবাদিক ডিম্পী ভৰালীয়ে আঁত ধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিত অৱসৰপ্ৰাপ্ত উচ্চপদস্থ বেংক বিষয়া প্ৰফুল্ল চন্দ্ৰ কলিতা, জ্যেষ্ঠ সাংবাদিক শিৱাণু বৰা, প্ৰতিদিন টাইম চেনেলৰ ইনপুট এডিটৰ মৃনাল কুমাৰ বৰা, সাংবাদিক হীৰেন চন্দ্ৰ কলিতা, জ্যেষ্ঠ সাংবাদিক কুঞ্জ মোহন ৰায়, বাবু ৰাভা হাকাচাম, সমাজকৰ্মী ডম্বৰু নেওগ, সাংবাদিক বৰ্ণালী সিং ডেকা, কবি- সাংবাদিক দিগন্ত কুমাৰ নাথ, সাংবাদিক দীপজ্যোতি ডেকা উপস্থিত থাকে৷

Leave A Reply