Breaking

আৱেগবিহ্বল বিদায়ী সভা। পৰিসংখ্যা বিষয়া কামৰুদ্দিন আহমেদক উষ্ম বিদায় সম্বৰ্ধনা জ্ঞাপন

0 143

২৮ ফেব্ৰুৱাৰী তাৰিখ মংগলবাৰে চেনিকুঠীস্থ অসম পশু পালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ পৰিসংখ্যা শাখাত একে বিভাগৰ পৰিসংখ্যা বিষয়া কামৰুদ্দিন আহমেদক চাকৰিকাল শেষ হোৱা উপলক্ষত আনুষ্ঠানিকভাৱে বিদায় সভা অনুষ্ঠিত কৰি ফুলাম গামোচা , মানপত্ৰ, এটি স্মাৰকেৰে উষ্ম বিদায় সম্বৰ্ধনা জনায় পৰিসংখ্যা শাখাৰ বিষয়া-কৰ্মচাৰীসকলে। কবি, লেখক, পৰিদৰ্শক পুলকেশ ৰায় বৰুৱাই আঁত ধৰা সভাত জ্যেষ্ঠ গৱেষণা বিষয়া প্ৰমথেশ ভট্টাচাৰ্য্যই সাৰুৱা ভাষণত কয় যে– ‘ ঘৰখনৰ পিছতেই কৰ্মথলী হিচাপে অফিচটো মূল, নিয়মানুবৰ্তিতা, কৰ্তব্যনিষ্ঠাৰে সুদীৰ্ঘ ৩৭ বছৰে এই বিভাগটোৰ বাবে সেৱাৰ মনোভাৱেৰে কাম কৰি আহমেদে নিজ দায়িত্ব সমাপনত সমূহ সতীৰ্থৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

‘সভাত গৱেষণা বিষয়া বিচিত্ৰ মেধি, পৰিদৰ্শক শৈলেন কলিতা, উপ পৰিদৰ্শক সত্যব্ৰত দাস ৰয়ে ভাষণ ৰখা অনুষ্ঠানটোত বিদায়ী প্ৰাৰ্থী আহমেদে কয়–‘ দীঘলীয়া কাৰ্যকাল সামৰি আজি অৱসৰ ল’লোঁ, আপোনাসৱৰ মৰমত মই অভিভূত,সৰু ডাঙৰ যিয়েই নহওক মানুহে নিজৰ চাকৰিটোক সদায় সন্মানৰ চকুৰে চাব লাগে, কাৰণ সমাজত চাকৰিটোৱে একো একোটা আইডেনটিটি দিয়ে।’ সংগণক শংকৰ ৰাজবংশীয়ে দুটি গীত গোৱা, পুলকেশ ৰায় বৰুৱাই স্বৰচিত কবিতা আবৃত্তি পাঠ কৰা অনুষ্ঠানটিত উপ পৰিদৰ্শকদ্বয় হৰমোহন দাস- নৃপেন দাস, সংগণক নবাব আলী- ৰঞ্জিত বৰ্মন -মাধৱ শৰ্মা, ক্ষেত্ৰ সহায়ক নয়নজ্যোতি দাস-ৰফিক আলী, পৰিসংখ্যা সহায়ক দীপক কাকতি, মীৰা দাহ সহ আন কেইবাজনো লোক উপস্থিত থাকে। উল্লেখ থাকে যে, সদৌ অসম মূৰব্বী বিভাগীয় আমোলা সন্থাৰ চেনিকুঠীস্থ শাখা পৰিয়ালৰ সভাপতি, সম্পাদক প্ৰমুখ্যে সদস্য-সদস্যাই আহমেদক ফুলাম গামোচা, কাঠৰ প্ৰতীকি গঁড় আৰু মিঠাইৰ টোপোলাৰে বিদায় বেলাত সম্বৰ্ধনা যাচে।

Leave A Reply