Breaking

নিয়োগ মেলা’ত নিবনুৱাৰ হাহাকাৰ

0 75

নিয়োগ মেলা’ত আজি হাহাকাৰ লক্ষাধিক নিবনুৱাৰ৷ অসম চৰকাৰৰ উদ্যোগত আজি আৰু ৪ জানুৱাৰীত জিলাভিত্তিত আয়োজন কৰা ‘নিয়োগ মেলা’ই প্ৰমাণ কৰিলে ৰাজ্যত নিবনুৱা সমস্যাৰ এখন ভয়াৱহ ছবি৷ এটা চাকৰিৰ আশাত পুৱাৰে পৰা নিয়োগ মেলাত ভিৰ কৰিলেহি বহু চাকৰি প্ৰত্যাশীয়ে৷ এই নিয়োগ মেলাৰ বিজ্ঞাপনত নিয়োগ প্ৰত্যাশীক বিভিন্ন আশা দেখুওৱা হৈছিল। নিয়োগ মেলাত সাক্ষাৎকাৰত উত্তীৰ্ণ প্ৰাৰ্থীসকলে নিজ জিলা তথা অসমৰ বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰি কৰাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ’ব বুলি বিজ্ঞাপনত কোৱা হৈছিল। চৰকাৰে দিয়া এটা বিজ্ঞাপনৰ পাছতে বহু নিবনুৱাই এটা চৰকাৰী চাকৰিৰ আশাতে সাক্ষাৎকাৰৰ বাবে আহে যদিও এই নিয়োগ মেলাত বেচৰকাৰী খণ্ডত খালী হোৱা পদৰ বাবেহে সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল৷

প্ৰতিতো কেন্দ্ৰতে দেখিবলৈ পোৱা গৈছিল হাজাৰ হাজাৰ নিবনুৱাৰ শাৰী৷ লকডাউনে বহু লোকৰ সংস্থাপনৰ বাট বন্ধ কৰি দিয়াৰ পাছতে এই নিয়োগ মেলাই বিভিন্নজনক বাবে সংস্থাপনৰ বাট মুকলি কৰি দিয়াৰ আশা কৰা হৈছিল যদিও বাস্তৱত তাৰ বিপৰীত আৰু নিৰাশাজনক ছবি এখনহে দেখিবলৈ পোৱা গ’ল৷বিভিন্ন জিলাৰ লগতে মহানগৰীৰ ৰিহাবাৰী নিয়োগ বিনিময় কেন্দ্ৰতো চাকৰিৰ বাবে নিবনুৱাৰ দীঘল শাৰী পৰিলক্ষিত হয়৷ তদুপৰি বৰপেটা, শিৱসাগৰ, তিনিচুকীয়া, দৰং, ধুবৰী, নলবাৰী, শোণিতপুৰৰ লগতে মুঠ ২০খন জিলাত আজি অনুষ্ঠিত নিয়োগ মেলাই উদঙাই দিয়ে নিবনুৱা সমস্যাৰ প্ৰকৃত ছবিখন৷ শোণিতপুৰ জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ সহকাৰী সঞ্চালক হিমাংশু কুমাৰ দাসে আজিৰ মেলাত অংশগ্ৰহণ কৰা কোম্পানীসমূহে বিয়লিৰ ভাগলৈ নিৰ্বাচিত প্ৰাৰ্থীসকলৰ নাম প্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে। বিশ্বনাথ জিলাতো বহু অনুষ্ঠান-প্ৰতিষ্ঠানে শিবিৰ পাতি যুৱক-যুৱতীসকলৰ পৰা সাক্ষাৎকাৰ লয়।

ইপিনে, আকৌ পুৱাৰে পৰা গোলাঘাট জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলে সংস্থাপনৰ বাবে ভিৰ কৰিলেহি গোলাঘাটৰ চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত। সংস্থাপন দিবলৈ আগবাঢ়ি অহা কোম্পানীসমূহক লৈ মুঠেও সন্তুষ্ট নহয় বুলি ব্যক্ত কৰিলে যুৱক-যুৱতীসকলে। এনে নিয়োগ মেলাৰ নামত নিবনুৱাসকলক হাৰাশাস্তি কৰাৰহে অভিযোগ উত্থাপন কৰে কৰিছে একাংশই। দৰং জিলাতো নিয়োগ মেলালৈ আহি হতাশাত ভোগে যুৱক-যুৱতীসকলে৷

ব্যক্তিগত চাকৰিৰ সাক্ষাৎকাৰ বুলি জানিব পাৰি যুৱক যুৱতীয়ে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে আৰু নথি-পত্ৰ লৈ ঘৰমুৱা হোৱাও পৰিলক্ষিত হয়৷ বঙাইগাঁৱতো ব্যক্তিগত প্ৰতিষ্ঠাত প্ৰয়োজন হোৱা মাত্ৰ ৭৫টা পদৰ বিপৰীতে অভাৱনীয় ভিৰ নিবনুৱা প্ৰাৰ্থীৰ। প্ৰাৰ্থীসকলৰ মাজত হেতা-ওপৰা লগাৰ পৰিপ্ৰেক্ষিতত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে প্ৰাৰ্থীসকলক ছত্ৰভংগ দিয়াবলৈ বাধ্য হৈ পৰে। নিয়োগখণ্ডৰ এনে অনগ্ৰসৰতা আৰু এটা সংস্থাপনৰ বাবে নিবনুৱাৰ এনে হাহাকাৰে ৰাজ্যত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে।

Leave A Reply