Encroachment: শীঘ্ৰেই প্ৰশাসনে বেদখলমুক্ত কৰকঃ চৰকাৰী ভূমিত শ শ লোকৰ বেদখল

বেদখলৰ সাম্ৰাজ্য গঢ়িছে। (Encroachment) চৰকাৰী ভূমিত শ শ লোকৰ অবৈধ বেদখল। নগৰবেৰাত একাংশই গঢ়িছে বেদখলৰ উপনিবেশ। ছাত্ৰ সংগঠনৰ উচ্ছেদ অভিযান। বেদখলকাৰীয়ে সাজিছে শ শ টিনৰ চালি। নগৰবেৰাত একাংশই মনমৰ্জি গঢ়িছে বেদখলৰ উপনিবেশ, ছাত্ৰ সংগঠনৰ উচ্ছেদ অভিযান। কামৰূপৰ নগৰবেৰা ৰাজহ চক্ৰৰ অধীনৰ চৰকাৰী ভুমিত শ-শ লোকে গঢ়িছে বেদখলৰ সাম্ৰাজ্য। মন্দিৰা পশুধন গৱেষণা কেন্দ্ৰৰ নামত আৱণ্টিত চৰকাৰী ভুমিত শ-শ লোকৰ অবৈধ বেদখল। বৃহৎ অংকৰ ধনৰ বিনিময়ত একাংশই বেদখলকাৰীক পাৰি দিছে বৰপীৰা৷ আশ্চৰ্যকৰভাবে এইদৰে বেদখলকাৰীয়ে সাজিছে শ-শ টিনৰ চালি।

পশ্চিম কামৰূপ ছাত্ৰ সন্থা আৰু স্থানীয় যুৱকবৃন্দৰ তৎপৰতাত এইদৰে ভাঙি দিয়া হয় বেদখলকাৰীয়ে সজা টিনৰ চালিবোৰ। মন্দিৰা পশুধন গবেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানীৰ ৰহস্যজনক স্থিতিত আশ্চৰ্য প্ৰকাশ কৰিছে সকলোৱে, অৱশেষত ছাত্ৰ সংগঠন আৰু সচেতন যুৱক একাংশই চলালে উচ্ছেদ অভিযান।

মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা তথা ৰাজহ বিভাগৰ দৃষ্টি আকৰ্ষণ কৰাব বিচাৰে এনে স্পৰ্শকাতৰ বেদখলৰ সন্দৰ্ভত৷ স্মৰ্ত্তব্য যে নগৰবেৰা ৰাজহ চক্ৰৰ একাধিক স্থানত সম্প্ৰতি গঢ়ি উঠিছে বেদখলৰ উপনিৱেশ।

ছাত্ৰ সংগঠনৰ দাবী “অচিৰেই জৰীপ হওঁক নগৰবেৰাৰ চৰকাৰী সংৰক্ষিত ভুমিৰ , শীঘ্ৰেই প্ৰশাসনে বেদখলমুক্ত কৰক এনেবোৰ অবৈধ মাটিৰ ” ৷ পিছে এইক্ষেত্ৰত কেনে স্থিতি লয় চৰকাৰে সেয়াহে হ’ব লক্ষণীয়।

Related Articles