Breaking

বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্য্যসূচীৰে ডেকাপামত এমএচিৰ চতুৰ্থ সংস্কৰণ ছুপাৰ লীগ ফুটবল টুৰ্ণামেন্টৰ সামৰণি…

0 21

শীৰ্ষ বাচনিভূক্ত খেলুৱৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলত অন্তৰ্ভুক্ত, ৰিলায়েন্স ফাউণ্ডেছন,টাটা ষ্টীল,কেৰেলা প্ৰিমিয়াৰ লীগ,নৰ্থ ইষ্ট অলিম্পিক, সুব্ৰত কাপত খেলাৰ সুবিধা,জোনাইত এখন অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণ কৰিবলৈ চৰকাৰক আহ্বান-নৱকুমাৰ দলে, বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্য্যসূচীৰে ডেকাপামত এমএচিৰ চতুৰ্থ সংস্কৰণ ছুপাৰ লীগ ফুটবল টুৰ্ণামেন্টৰ সামৰণি

অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন নতুন ষ্টেডিয়াম নিৰ্মাণ কৰি ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নত কৰিবলৈ প্ৰয়াস চলাইছে।জোনাই মহকুমাত এখন অত্যাধিক ষ্টেডিয়াম নিৰ্মাণ কৰিবলৈ চৰকাৰক আহ্বান জনায়। ঢকুৱাখনা সমষ্টিৰ বিজেপি বিধায়ক তথা অসম ফুটবল ফেডাৰেছনৰ সভাপতি নৱকুমাৰ দলেয়ে। এমএচিৰ উদ্যোগত সোতৰ বছৰ অনুৰ্ধ চতুৰ্থ সংস্কৰণ ছুপাৰ লীগ ফুটবল টুৰ্ণামেন্টৰ আজি সফল সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ঢকুৱাখনা সমষ্টিৰ বিজেপি বিধায়ক তথা অসম ফুটবল ফেডাৰেছনৰ সভাপতি নৱকুমাৰ দলেয়ে এইদৰে কয়।

তেওঁ পুনৰ কয় অসম ফুটবল ফেডাৰেছে অসমৰ প্ৰতিভাৱান ফুটবল খেলুৱৈ সকলক বাচনি কৰি উন্নত প্ৰশিক্ষণৰ দ্বাৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ সৈতে সক্ষমতা অৰ্জন কৰোৱাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি বক্তব্য দাঙি ধৰে। এমএচিৰ বিশেষ কৰ্তব্যৰত বিষয়া ডাঃ অনিল কুমাৰ পেগুয়ে আঁতধৰা অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি অৰুণাচল প্ৰদেশৰ ৰুকচিন বিধানসভা সমষ্টিৰ বিধায়ক নিনং ইৰিঙে কয় অসম আৰু অৰুণাচলৰ মাজত সমন্বয় আৰু সম্প্ৰীতিৰ এনাজৰী সদায় কটকটীয়া হৈ আহিছে আৰু খেলৰ জৰিয়তে এনে সম্বন্ধ মজবুত কৰিব পাৰি বুলি বক্তব্য আগবঢ়ায়। ডেকাপাম হাইস্কুল খেলপথাৰত অনুষ্ঠিত অনুষ্ঠানৰ পুৱা ৯ বজাৰ পৰা মিচিঙৰ গুমৰাগ, বড়োৰ বাগুৰুম্বা,অৰুণাচল প্ৰদেশৰ গাল’ কৃষ্টি দলে নৃত্য প্ৰদৰ্শন কৰে।

অনুষ্ঠানত আদৰণি ভাষন আগবঢ়াই মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়াই কয় এমএচিয়ে ছুপাৰ লীগ ফুটবল টুৰ্ণামেন্ট অনুষ্ঠিত কৰা চাৰিটা বছৰ অতিক্ৰম কৰিলে। এইবছৰ সোতৰ বছৰ অনুৰ্ধ (ল’ৰা) এমএচি ছুপাৰ লীগ ফুটবল টুৰ্ণামেন্টত যিসকল খেলুৱৈ শীৰ্ষ বাচনিভূক্ত হৈছে ইয়াৰ ভিতৰত ৰিপু নাৰ্জাৰীয়ে জামছেদপুৰৰ টাটা ষ্টীল ফুটবল একাডেমিত অন্তৰ্ভুক্ত হৈ ইণ্ডিয়া সোতৰ বছৰ অনুৰ্ধ ফাইনেল ট্ৰাইল কেম্পত অন্তৰ্ভুক্ত হৈছে। নৱজ্যোতি অয়াঙে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হৈ সৰ্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয়ৰ হৈ কেৰেলা এ ডিভিজন ক্লাৱৰ কেৰেলা প্ৰিমিয়াৰ লীগত ,নিত্যানন্দ নৰহে নৰ্থ ইষ্ট অলিম্পিক অসম দলত, পদ্ম দলে আৰু নৱজ্যোতি টাৱয়ে চৰাইদেউ জিলাৰ হৈ সোতৰ বছৰ অনুৰ্ধ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুব্ৰত কাপত খেতি বিজয়ী হৈছে, চৈধ্য বছৰ অনুৰ্ধৰ ৰাষ্ট্রীয় পৰ্যায়ৰ সুব্ৰত কাপত নলবাৰী হাইস্কুলৰ হৈ খেলুৱৈ সকলে নিজৰ যোগ্যতা অৰ্জন কৰিছে।

ইতিমধ্যে ৰিলায়েন্স ফাউণ্ডেছন, টাটা ষ্টীল ফুটবল একাডেমিত কেবাগৰাকী এমএচিৰ ছুপাৰ লীগ ফুটবল টুৰ্ণামেন্টৰ বাচনিভূক্ত প্ৰতিভাৱান খেলুৱৈ অন্তৰ্ভুক্ত হৈছে বুলি ভাষনত উল্লেখ কৰে। চুড়ান্ত খেলখন উদ্ধোধন কৰে এমএচিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ কাৰ্য্যবাহী সদস্য প্ৰভাত বসুমতাৰীয়ে। সামৰণি অনুষ্ঠানত এমএচিৰ উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুম, কাৰ্য্যবাহী সদস্য তথা আয়োজক সমিতিৰ সভাপতি নৰেশ কুম্বাং, মলেন্দ্ৰ নাৰ্জাৰী,ভৱানী দুৱৰা,জ’হান দলে,প্ৰশান্ত বৰি,আদি মিচিং বাঃনৌ কৌবাঙৰ উপ সভাপতি মজিত পাৱ, চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ শচীন দলে,এছবি বড়ো হাইস্কুলৰ প্ৰধান শিক্ষক সোণেশ্বৰ বসুমতাৰী,ডেকাপাম হাইস্কুলৰ প্ৰধান শিক্ষক হেমধৰ পেগু,চমকং হাইস্কুলৰ প্ৰধান শিক্ষক হৰজিৎ ৰায়চৌধুৰী, এমএচিৰ জিএম ববীকান্ত পেগু, প্ৰতাপ টায়ে, ৰাতিৰাম বসুমতাৰী,বানীকান্ত পেগু,আয়োজক সমিতিৰ সম্পাদক বিনেশ পাতিৰ উপস্থিত থাকে।

Leave A Reply