ডিজিটেল ডেস্কঃ England vs India 2nd Test Match ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত পৰাজয়ৰ সম্মুখীন হোৱাৰ পিছত আজি ভাৰতীয় দলৰ বাবে হ’ব এক গুৰুত্বপূর্ণ দিন।
এডবেষ্টনত খেলি থকা দ্বিতীয় টেষ্টৰ তৃতীয় দিনত আজিৰে পৰা বলাৰসকলৰ বাবে হ’ব ‘অগ্নিপৰীক্ষা’। টিম ইণ্ডিয়াই প্ৰথম ইনিংছত শুভমন গিলৰ অভিলেখ গঢ়া ২৬৯ ৰানৰ ইনিংছৰ জৰিয়তে ৫৮৭ ৰানৰ ডাঙৰ স্ক’ৰ তুলি ইংলেণ্ডৰ ওপৰত গুৰুত্বপূর্ণ চাপ সৃষ্টি কৰিছে। বিদেশৰ মাটিত সৰ্বাধিক ৰান কৰা ভাৰতীয় বেটাৰ হিচাপে শুভমন গিলে ইতিহাস গঢ়িছে। লগতে, গিল হৈছে টেষ্ট ক্রিকেটত দ্বিশতক কৰা তৃতীয় সৰ্বাধিক কম বয়সীয়া অধিনায়ক।

ইংলেণ্ডে দ্বিতীয় দিনৰ অন্তত ৩টা উইকেট হেৰুৱাই ৭৭ ৰানত থমকি আছে। ইংলেণ্ড এতিয়াও ৫১০ ৰানৰ পিছত আছে। আকাশ দীপে প্ৰথম দিনাই ক্ষীপ্ৰগতিত বেন ডাকেট আৰু অলি পোপক শূন্যত আউট কৰে, আৰু তাৰ পাছতে মহম্মদ ছিৰাজে জেক ক্ৰ’লিক ১৯ ৰানত পেভিলিয়নলৈ পঠাই দিয়ে।
আজিৰ তৃতীয় দিনত বলাৰসকলৰ লক্ষ্য হ’ব ইংলেণ্ডৰ দুটা গুৰুত্বপূর্ণ বেটাৰ — জো ৰুট আৰু হেৰী ব্ৰুকক শীঘ্ৰে পেভিলিয়নলৈ পঠোৱা। বিশেষকৈ জো ৰুটৰ অভিজ্ঞতা, ধৈৰ্য্য আৰু দক্ষতা ভাৰতীয় বলাৰসকলৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিব পাৰে।
এই মেচত যদিহে ভাৰতীয় বলাৰসকলে ইংলেণ্ডৰ মিডল অৰ্ডাৰ চলাৰ আগতেই ভাঙি পেলাব পাৰে, তেন্তে দ্বিতীয় টেষ্টত জয়ৰ দিশে দৃঢ় ভাৱে আগবাঢ়িব পাৰিব টিম ইণ্ডিয়া।