৫ জুন ২০২৫:environment day । বিশ্ব পৰিৱেশ দিৱস ২০২৫ উপলক্ষে গোৰেশ্বৰৰ নাওকাটাত এক ব্যতিক্ৰমধৰ্মী আৰু মানৱীয় অনুষ্ঠান অনুষ্ঠিত হয়। ইষাণ ফাউণ্ডেচনে স্থাপন কৰা “ষ্টিফেন হকিংচ একাডেমী”ত বিশেষভাৱে সক্ষম তথা প্রতিবন্ধী ছাত্ৰ-ছাত্ৰীৰ সৈতে উদযাপন কৰা হয় এই দিৱস।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা। তেওঁ শিক্ষানুষ্ঠানখনৰ উদ্যোগ আৰু ছাত্ৰ-ছাত্ৰীৰ জীৱন সংগ্ৰাম প্ৰতি গভীৰ সহানুভূতি প্ৰকাশ কৰি ব্যক্তিগতভাৱে আৰ্থিক সহায় আগবঢ়ায়। লগতে, অসম চৰকাৰৰ পৰাই শিক্ষানুষ্ঠানখনক প্রয়োজনীয় সুবিধা প্ৰদানৰ আশ্বাস দিয়ে।

অনুষ্ঠানটো সফল কৰি তোলাত সহযোগিতা আগবঢ়ায় নাওকাটাৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ বিষয়া তথা কৰ্মচাৰীসকল।
উল্লেখযোগ্য যে, গোৰেশ্বৰ অঞ্চলৰ সদাশয় ৰাইজে বিশেষভাৱে সক্ষম শিশুদের বাবে “ষ্টিফেন হকিংচ একাডেমী” প্ৰতিষ্ঠা কৰি, ইষাণ ফাউণ্ডেচনৰ সহযোগত এই ছাত্ৰ-ছাত্রীসকলক বিনামূলীয়াকৈ সাধাৰণ পাঠ্যক্ৰমৰ উপৰিও ব্যৱহাৰিক শিক্ষাৰে সমৃদ্ধ কৰি তুলিছে।

এই উপলক্ষে বৃক্ষৰোপণ, পৰিৱেশ সচেতনতামূলক আলোচনা আৰু শিক্ষাৰ্থীৰ অংশগ্ৰহণত বিশেষ সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হয়।
এই মহৎ কাৰ্যসূচী সফল ৰূপত সম্পন্ন হোৱাত অঞ্চলবাসী ৰাইজে যুৱ নেতা ৰাতুল শৰ্মাৰ সহানুভূতিপূৰ্ণ পদক্ষেপক আদৰিছে আৰু শিক্ষানুষ্ঠানখনৰ উজ্বল ভবিষ্যতৰ বাবে শুভকামনা জ্ঞাপন কৰিছে।
বিশেষভাৱে সক্ষম শিক্ষাৰ্থীসকলৰ সৈতে পালন কৰা এই ধৰণৰ উদাহৰণীয় কাৰ্যসূচীয়ে সমাজত এক গভীৰ প্ৰভাৱ পেলাব বুলি বিশ্বাস প্ৰকাশ কৰে অঞ্চলবাসীয়ে।