গুৱাহাটী, ৬ জুন:environment day ।
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি ডিগাৰুৰ বামুনখাটস্থিত মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ বিদ্যালয়ত গ্ৰীণ চেপ্টাৰ স্বেচ্ছাসেৱী সংস্থা আৰু ডনবস্ক’ বিশ্ব বিদ্যালয়ৰ ৰসায়ন বিভাগৰ সহযোগত এক সজাগতা মূলক অনুষ্ঠান আয়োজন কৰা হয়।

গ্ৰীণ চেপ্টাৰ—অৱসৰী বিষয়া আৰু অধ্যাপকৰ সন্মিলিত স্বেচ্ছাসেৱী সংগঠন—বিগত সময়ছোৱাত মহানগৰীৰ বিভিন্ন বিদ্যালয়ত গছপুলি ৰোপন আৰু ৰক্ষণাবেক্ষণৰ উদ্যোগ গ্ৰহণ কৰি আহিছে। সেই পৰম্পৰা অব্যাহত ৰাখি, আজি বিদ্যালয়খনত বিশজন ছাত্ৰ-ছাত্ৰীৰ নামত একোটাকৈ গছপুলি ৰোপণ কৰা হয়। ৰোপিত গছসমূহ গৰু-ছাগলীৰ পৰা ৰক্ষা কৰিবলৈ বিশেষ আবেষ্টনীৰে ঘেৰি দিয়াৰ ব্যৱস্থাও গ্ৰহণ কৰা হয়।

অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱেশৰ প্ৰতি সচেতনতা জগাবলৈ আয়োজন কৰা হয় আকস্মিক বক্তৃত্বা, ৰচন, আৰু ছবি অঁকা প্ৰতিযোগিতা।
বিশেষ অতিথি হিচাপে উপস্থিত থকা কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্রাপ্ত উপাচাৰ্য ভৱেশ চন্দ্ৰ গোস্বামীয়ে প্লাষ্টিক প্ৰদূষণৰ ভয়াবহতা আৰু ইয়াৰ প্ৰতিৰোধৰ উপায় সন্দৰ্ভত বিস্তৃত বক্তব্য আগবঢ়ায়। সংগঠনৰ সম্পাদিকা ড° ৰফিকা আহমেদে লগতে পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত সামাজিক ভূমিকা আৰু দায়বদ্ধতাৰ ওপৰত আলোকপাত কৰে।

গ্ৰীণ চেপ্টাৰৰ হৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগৰ অৱসৰী অধ্যাপক ড° দিলীপ কুমাৰ কাকতিয়ে গছ ৰোপণ কাৰ্যসূচী সম্পন্ন কৰে। অনুষ্ঠানত অধ্যাপিকা গীতি গোস্বামী, গীতাৰাণী খাটনিয়াৰ, ড° সোনতৰা কোঁৱৰ বৰুৱা, ডনবস্ক’ বিশ্ববিদ্যালয়ৰ চাৰি গৰাকী প্ৰৱক্তা, গ্ৰীণ চেপ্টাৰৰ বাৰ গৰাকী বিষয়ববীয়া, লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয় অংশগ্ৰহণ থাকে।
বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰতিযোগিতাত সফল হোৱা ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ হিচাপে গছপুলি, মানপত্ৰ আৰু গ্ৰন্থৰ টোপোলা প্ৰদান কৰা হয়।
উক্ত অনুষ্ঠানৰ সফল আয়োজন আৰু দুৰ্গম অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱেশ সজাগতা জগোৱাৰ প্ৰচেষ্টাক বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা গভীৰ কৃতজ্ঞতা আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰা হয়।