Breaking

নগাঁৱত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিশ্ব পৰিবেশ দিবস উদযাপন

0 691

সমগ্র ৰাজ্যখনৰ লগতে নগাঁও জিলাতো আজি বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় । নগাঁও জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে জিলাখনৰ বিভিন্ন স্থানত বিশ্ব পৰিবেশ দিৱস উপলক্ষে বৃক্ষ ৰোপন , গছ পুলি বিতৰন , সজাগতা অনুষ্ঠান আদি কাৰ্যসূচী ৰূপায়ন কৰে । নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ উদ্যোগত আৰু নগাঁও ৰটাৰী ক্লাব আৰু সেউজ নগাঁৱৰ সহযোগত চহৰখনৰ মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত , হয়বৰগাও ৰাজপথৰ ডিভাইদাৰৰ মাজত বৃক্ষ ৰোপন কৰাৰ লগতে লাওখোৱা পথত   লখিমী যোগ কেন্দ্ৰ আৰু  আত্ম সহায়ক গোটৰ সহযোগত বৃক্ষ ৰোপন কৰে । তদুপৰি কেচাআলি আৰু নিজৰ বাসভৱনতো বিধায়ক গৰাকীয়ে বৃক্ষ ৰোপণ কৰে । এই সন্দৰ্ভত বিধায়ক শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় , বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰকৃতি সুংৰক্ষনৰ ওপৰত গুৰুত্ব দিব লাগিব । প্ৰকৃতি থাকিলেহে মানৱ জাতি জীয়াই থাকিব । সেয়ে আমি সকলোৱে প্ৰকৃতি সুৰক্ষাৰ কামত সৰ্বাধিক গুৰুত্ব দিব লাগিব । তেওঁ লগতে কয় , অকল ৫ জুন বুলিয়েই নহয় , পৰিবেশৰ  ভাৰ সাম্যতা ৰক্ষাৰ বাবে সকলো সময়তে গছ পুলি ৰোপন কৰিব লাগে । কাৰোবাক উপহাৰ দিব লগা হলে গছ পুলিকে উপহাৰ হিচাবে দিবৰ বাবে বিধায়ক গৰাকীয়ে   ৰাইজক আহবান জনাই । ইপিনে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত আৰু নেতাজী বিদ্যপীঠৰ সহযোগত বিদ্যপীঠৰ চৌহদত বৃক্ষ ৰোপন কাৰ্যসূচীৰ লগতে এক সজাগতা অনুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানত সন্থাৰ প্ৰধান সম্পাদক বল্লদেব শৰ্মা , পৰিবেশ কৰ্মী স্বপন চৌধুৰীৰ লগতে খগেন চন্দ্ৰ নাথ , ৰুনজুন বৰা , মনালিছা ভাগৱতীয়ে অংশ গ্ৰহণ কৰে । বৰকলা আদৰ্শ লালুং গাৱৰ ড: বি আৰ আম্বেডকাৰ বিদ্যাপীঠত অনুষ্ঠিত বিশ্ব পৰিবেশ দিবসত প্ৰধান শিক্ষক স্বৰুপানন্দ বৰদলৈ , সমাজকৰ্মী কেশৱ বৰদলৈ , যুগ প্ৰসাদ বৰদলৈ , পবিত্ৰ শইকীয়া , মাধবী বৰা আদিয়ে অংশ গ্ৰহণ কৰে । নগাঁও ইলেকট্ৰনিক মিডিয়া এচ’চিয়েচনৰ উদ্যোগতো বিশ্ব পৰিবেশ দিবস উদযাপন কৰা হয় । এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত সাংবাদিক কনক হাজৰিকা , নেমাৰ সভাপতি তপন কুমাৰ বৰা , সম্পাদক বিৰেন বৰা আদিয়ে অংশ গ্ৰহণ কৰে । সাংবাদিক সকলৰ মাজত গছ পুলি বিতৰন কৰা হয় । শিল্পী কমল লস্কৰে সংবাদিক সকলৰ মাজত মাস্ক , ছেনিটাইজাৰ বিতৰণ কৰে ।

Leave A Reply