লাহৰীঘাটৰ তিনিচুকীয়া মহমাৰাত গৰাখহনীয়া অব্যাহত

মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ তিনিচুকীয়া মহমাৰা গাঁও পঞ্চায়তৰ মহমাৰাত  এতিয়াও চলি আছে গৰাখহনীয়াৰ তাণ্ডৱলীলা । এয়া  আজি ১৯ মে’ৰ বিয়লিৰ গৰাখহনীয়াৰ দৃশ্য । চপৰা চপৰে খহাই নিছে মহাবাহু ব্ৰহ্মপুত্ৰ তথা লুইতৰ বুকুত । দুনাই কোৱাৰ প্ৰয়োজন নাই যে এতিয়ালৈকে কিমান ৰাজহ গাঁও লুইতৰ বুকুত বিলীন হৈ গল আৰু কিমান সহস্ৰাধিক হেক্টৰ কৃষি ভূমি  মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হল,  কত জনৰ ভেটি,  সা সম্পত্তি , মন্দিৰ,  মছজিদ,  ৰাজহুৱা শিক্ষা অনুষ্টান, আৰু ধৰ্মীয় শিক্ষা অনুষ্টানৰ লগতে শ্মশান  ও কবৰস্তান  ইত্যাদি ইত্যাদি । বিনাশৰ বাহিৰে  অন্য কোনো নাই । নতুন চৰকাৰৰ নতুন জলসম্পদ মন্ত্ৰীয়ে হয়তো নতুন পদক্ষেপ লব নৈ পৰীয়া ৰাইজৰ বাবে এই  আশা কৰিছে স্হানীয় ভুক্তভোগী জন সাধাৰণৰ লগতে লাহৰীঘাট সমষ্টি বাসীয়ে ।অৱশ্যে  আশা কৰাৰ কাৰণো  আছে,  যিহেতুকে বিগত ২৫ টা বছৰে লাহৰীঘাট সমষ্টি বাসীয়ে পালে কেৱল নিৰাশা আৰু প্ৰৱঞ্চনা । 

Related Articles