Breaking

এলেংমাৰি অঞ্চলত বেকী নদীয়ে সৃষ্টি কৰা খহনীয়া পৰিদৰ্শন মন্ত্ৰী পিযুষ হাজৰিকাৰ

0 32

বাক্সা জিলাৰ এলেংমাৰি অঞ্চলত বেকী নদীয়ে সৃষ্টি কৰা খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে জীও বেগ সংস্থাপনৰ লগতে আন আন সকলো পদক্ষেপ হাতত লৈ অৰ্হনিশে কাম কৰি আছে। আজি এই অঞ্চলত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী পিযুষ হাজৰিকাই লগতে প্ৰতিৰোধ কাৰ্যৰ তদাৰক কৰে।

পৰিদৰ্শনৰ সময়ত বি. টি. চি. ৰ কাৰ্যবাহী সদস্য গৌতম দাস , কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ জি.এম. প্ৰণৱ কুমাৰ বৰ্মন

, জলসম্পদ বিভাগৰ অভিযন্তা প্ৰমুখ্যে জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগৰ আন আন বিষয়া সকল উপস্থিত থাকে।

Leave A Reply