Breaking

স্বাধীনতাৰ ৭৪ বছৰ পিছতো তামুলপুৰৰ কাউলীতমটঙা নৈৰ ওপৰত নহ’ল এখন দলং।

0 1,021

দেশ স্বাধীন হোৱাৰ ৭৪ বছৰ পিছতো ভূটান সীমান্তৰ কুমাৰীকাটা- কাউলী গড়কাপ্তানী পথৰ মাজেৰে বৈ যোৱা মটঙা নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণ নকৰাত সম্প্ৰতি যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভূগি আহিছে সীমান্তৰ  হেজাৰ হেজাৰ লোকে ৷ সম্প্ৰতি দলং নথকাৰ বাবেই বাৰিষাৰ আৰম্ভণিতে ভূটান পাহাৰৰ পৰা বৈ অহা মটঙা নৈৰ কোবাল সোঁতৰ মাজেদি বিপদসংকুল ভাৱে যাতায়ত কৰিব লগা হৈছে স্থানীয় ৰাইজে। বাইকৰ ওপৰত মানুহ নহয় মানুহৰ কান্ধত  বাইক উঠাই ভৰা নৈ পাৰ কৰিব লগা হৈছে দুচকীয়া বাহন,চাইকেল আদি  । আনহাতে এনে বিপদ সংকুল যাতায়তত অলপ ভুল মানেই হ’ব পাৰে ভয়ংকৰ অঘটন৷ স্থানীয় ৰাইজৰ অভিযোগ বিগত সময়ছোৱাত ৰাজ্যত বহু চৰকাৰ আহিল  আৰু গ’ল৷ কিন্তু আজিলৈ  কোনো এখন চৰকাৰেই মটঙা নৈৰ ওপৰত  এখন স্থায়ী পকী দলং নিৰ্মাণৰ ব্যৱস্থা নকৰিলে ৷ কেৱল নিৰ্বাচনৰ সময়ত ৰাইজক মুখ দেখুওৱা  জনপ্ৰতনিধি সকলেও নললে কোনো পদক্ষেপ ৷  কুমাৰীকাটা -কাউলী সংযোগী অতি গুৰুত্বপূৰ্ণ পথটোৰ মাজত থকা মটঙা নৈৰ ওপৰত আজিলৈ এখন পকী দলং নিৰ্মাণ নোহোৱাৰ  ফলত সীমান্তৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে  অতি বিপদসংকুল ভাৱে অব্যাহত ৰাখিছে যাতায়ত। স্থানীয় ৰাইজে জনোৱা মতে, ইতিমধ্যে ভৰ বাৰিষা মটঙা নৈ পাৰ হ’বলৈ যাওঁতে নৈৰ প্ৰবল সোঁতে উটুৱাই নিয়াত কেবাজনো লোকৰ মৃত্যুও হৈছে ৷ আনহাতে  দলং নথকাৰ বাবে বাৰিষা কুমাৰীকাটা-কাউলী পথেৰে যাতায়ত ব্যৱস্থা ব্যাহত হৈ এম্বুলেন্স সেৱা বন্ধ হৈ  গৰ্ভৱতী মহিলাৰ লগতে আন আন দুৰাৰোগ্য ৰোগত আক্ৰান্ত লোকৰ উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যু ঘটিছে বুলিও  বুলিও একাংশ লোকে জানিবলৈ দিছে। বিগত সময়ছোৱাত স্থানীয় ৰাইজে  ৰাজ্য চৰকাৰ,বিটিচি চৰকাৰ,স্থানীয় বিধায়ক,সাংসদ, কাৰ্যবাহী সদস্য,এমচিএলক বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো মটঙা নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণ নকৰাত বৃহত্তৰ অঞ্চলটোৰ  ৰাইজৰ  ৰাজ্যৰ মুখ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা তথা বিটিচি প্ৰধান প্ৰমোদ বড়োলৈ বিনম্ৰ অনুৰোধ  আমাক এখন পকী দলং নিৰ্মাণ কৰি যাতায়ত ব্যৱস্থা সুচল কৰি দিয়ক ৷###

Leave A Reply