‘ষ্টাৰ কিড হ’লেও লাগিব প্ৰতিভা’, পিতৃ ধৰ্মেন্দ্ৰ আৰু ভাতৃ ছানীৰ সৈতে কিয় তুলনা কৰা হৈছিল ববি দেউলক…

ববি দেউল: এনিমেল ছবিখনৰ সফলতাৰ পিছত ববি দেউলে নিজৰ অভিনয় জীৱনৰ কথা প্ৰকাশ কৰিছে। ববি দেউলে কয় যে যেতিয়া তেওঁ চলচ্চিত্ৰ জগতৰ অংশ হৈ পৰিছিল তেতিয়া তেওঁক কেৱল পিতৃ ধৰ্মেন্দ্ৰৰ সৈতে নহয়, ভাতৃ ছানী দেওলৰ সৈতেও তুলনা কৰা হৈছিল।এনিমেল ছবিত ববি দেউলৰ চৰিত্ৰটো ১৫-২০ মিনিটৰ হ’লেও ই অতি শক্তিশালী, যাৰ বাবে ববি দেউল আছে চৰ্চাত।


শেহতীয়াকৈ ববি দেওলে এটা সাক্ষাৎকাৰ দিছিল, য’ত অভিনেতাজনে কৈছিল – ষ্টাৰ কিড হোৱাটো মোৰ বাবে এটা সুবিধা আছিল কিন্তু তাত থাকে কঠোৰ পৰিশ্ৰম। প্ৰতিভা আৰু ভাগ্য থাকিলেহে উদ্যোগটোত আগবাঢ়ি যাবলৈ সক্ষম হয়।

Related Articles