ৰাজ্য চৰকাৰে শেহতীয়াকৈ বহু সংখ্যক বিদ্যালয় প্ৰাদেশিকৰন আৰু হেজাৰ হেজাৰ শিক্ষক-শিক্ষয়িত্ৰী তথা অন্যান্য কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়া কৰিলে যদিও ৰাজ্যৰ ৮১ খন কস্তুৰবা গান্ধী আবাসীক বিদ্যালয়ৰ ৬০০ ৰো অধিক শিক্ষক শিক্ষয়িত্ৰী আৰু অন্যান্য কৰ্মচাৰীৰ চাকৰি নিয়মীয়া নকৰাত এতিয়া স্বাভাৱিকতে ক্ষুব্ধ হৈ পৰিছে শিক্ষক কৰ্মচাৰী সকলে। বছৰ বছৰ ধৰি এই সকল শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকৰ বিদ্যালয় সমূহ প্ৰদেশীকৰন কৰা আৰু চাকৰি সমূহ নিয়মীয়া কৰাৰ বাবে চৰকাৰক বিভিন্ন পদ্ধতিৰে দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত তেওঁলোকৰ চাকৰিৰৰ নিৰাপত্তাৰ দিশটোত চৰকাৰে কোনো গুৰুত্ব অৱলম্বন নকৰাত ক্ষুব্ধ পৰিছে শিক্ষক শিক্ষয়িত্ৰী সকলে। উল্লেখযোগ্য যে কেইদিন মান পূৰ্বেও এই সকল শিক্ষক শিক্ষয়িত্ৰীয়ে গুৱাহাটীস্থ সৰ্ব শিক্ষাৰ মিছন সঞ্চালকৰ কাৰ্য্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নো কৰিছিল। সঞ্চালক গৰাকীয়ে সন্থাক শীঘ্ৰে তেওঁলোকৰ চাকৰিৰ যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিছিল বুলি জানিব দিয়ে সন্থাৰ সভাপতি তথা মুকালমুৱাৰ কালদী স্থিত কস্তুৰবা গান্ধী আবাসীক বিদ্যালয়ৰ ৱাৰ্ডেন নীলিমা বেগমে। ইফালে তেখেতে সাংবাদিকক জানিব দিয়া মতে, আবাসীক বিদ্যালয় সমূহত দিনে নিশাই কাম কৰা এই সকল শিক্ষক শিক্ষয়ত্ৰীৰ চাকৰি অতি শীঘ্ৰে নিয়মীয়া কৰা, বিদ্যালয় সমূহত খালি হৈ থকা পদ সমূহ পূৰ কৰা আৰু সপ্তম দৰমহা আয়োগৰ ভিত্তিত তেওঁলোক দৰমহা প্ৰদান কৰাৰ বাবে তেওলোকে দীৰ্ঘদিন ধৰি দাবী জনায় আহিছে।
Breaking
- নগাঁৱত সংখ্যালঘু মহিলাৰ নেতৃত্ব উন্নয়নৰ প্ৰশিক্ষণ শিবিৰ
- প্ৰাপ্য বিছাৰি টীয়কত উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত নিৰ্বাচিত পঞ্চায়ত সদস্যৰ প্ৰতিবাদ
- আৰ্কষণীয় হব মাহমৰা সমষ্টিৰ নিৰ্বাচনী যুজঁ : চিপৰাং মৰা ৰাজনীতিত লাভাম্বাবিত হব নেকি বিজেপি ?
- অসম চাহ মজদুৰ সংঘৰ বাগিচাই বাগিচাই ধৰ্ণা কাৰ্যসূচী আৰু স্মাৰক পত্ৰ প্ৰদান
- বিজেপিৰ হাতৰ পৰা সমষ্টি কাঢ়িবলৈ সাজু কংগ্ৰেছ : বাসুদেৱ ছেত্ৰীক প্ৰক্ষেপেৰ মাৰ্ঘেৰিটা পুনৰ উদ্ধাৰৰ চেষ্ঠা কংগ্ৰেছৰ
- বাঘৰ আক্রমনত তিনিটা গৰু নিধন ৰাইজৰ ক্ষোভ
- শ্ৰী শ্ৰী সৌকাজান সত্ৰত চানেকি ৰাইজৰ বাবে উৰ্চগীত হ’ল গুৰু আসনত শোদিত বৃন্দাবনী বস্ত্ৰৰ কিয়দাংশৰ
- বাক্সাত বিশ্ব শ্ৰৱণ দিৱস পালন
- ৰঙিয়া ত ১২, ১৩ আৰু ১৪ মাৰ্চত ১৬ সঙখ্যক ছিনিয়ৰ আন্ত জিলা খো-খো প্ৰতিযোগিতা
- কুসুমতোলাৰ পদ্মপুৰ নামঘৰত ভাগৱত পাঠ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা