ৰাজ্যৰ বিভিন্ন স্হানত এতিয়াও একাংশ পথে জনসাধাৰণক বাৰুকৈয়ে জলা-কলা খুৱাই থকাৰ সময়তে গোৱালপাৰা জিলাৰ পূব প্ৰান্তৰ ধূপধৰা অঞ্চলৰ লোক-নিৰ্মাণ বিভাগৰ এটা পকী পথৰ কালভাৰ্টৰ বাবে যি কোনো মুহূৰ্ততে যাতায়াত ব্যাহত হৈ পৰাৰ উপক্ৰম হৈ পৰিছে । উল্লেখ যোগ্য যে তথাপিও যেন এতিয়াও গা-লৰা নাই চৰকাৰৰ বিয়াগোম বিভাগটোৰ আজিও প্ৰায় এবছৰতকৈ অধিক সময় । প্ৰাপ্ত তথ্য মতে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে খেকাপাৰা-আমবাৰী-পদুপাৰা সংযোগী লোক-নিৰ্মাণ বিভাগৰ পথটোৰ খেকাপাৰাত অৱস্হিত কালভাৰ্টটো প্ৰথমটো লকডাউনৰ আগে-আগে ৰে’ল পথত কাম চলি থকাৰ বাবে উক্ত পথৰে ৰে’ল বিভাগৰ গধুৰ মাটি কঢ়িওৱা বাহন চলাৰ ফলত প্ৰথমতে কালভাৰ্টটো বহি যায় আৰু এতিয়াও অঞ্চলটোৰ যান-বাহন সমূহ পথটোৰ ভগ্নপ্ৰায় কালভাৰ্টটোৰে দুৰ্ঘটনাৰ শংকা লৈ চলা-চলা অব্যাহত ৰাখিছে । অঞ্চলটোৰ কেইবাখনো গঞা ৰাইজ যিকোনো সময়তে বহি:জগতৰ লগত সম্পৰ্ক নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিভাগে কালভাৰ্টৰ কাষেৰে উপ-পথৰ ব্যৱস্হা কৰিছিল যদিও সম্প্ৰতি বন্ধ হৈ আছে লগতে যিকোনো মুহূৰ্ততে এই ভগ্ন কালভাৰ্টৰে সঘনে যাতায়াত অব্যাহত থকাত যিকোনো মুহূৰ্তত কালভাৰ্টটো ভাঙি পৰাৰ শংকা কৰা হৈছে । ইপিনে উক্ত সংযোগী পথটোত কেইবাটাও পুৰণি কালভাৰ্ট বিভাগে মেৰামতি কৰিছে যদিও উক্ত ভগ্নপ্ৰায় কালভাৰ্টটোহে মেৰামতি কৰা হোৱা নাই । সেয়েহে বৃহত্তৰ অঞ্চলবাসী ৰাইজে অতি শীঘ্ৰে এই পথটোত থকা কালভাৰ্টটো মেৰামতি কৰি যাতায়াত সুচল কৰি দিয়াৰ বাবে বিভাগক আহ্বান জনাইছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা থানেশ্বৰ বড়োৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…
- বেগী বলাৰ বিচাৰি অসমৰ বিভিন্ন প্ৰান্তত অসম ক্ৰিকেট সন্থাৰ বিশেষ পদক্ষেপ…
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ মাইনুল ইছলাম নামৰ লোকজন…
- পুনৰ শিল্পীক অপমান! মঞ্চত কণ্ঠশিল্পী সান্নিধ্য ভূঞাক চৰম অপমান, কিয় বাৰে বাৰে ইজনৰ পিছত সিজন শিল্পী অপমানিত হ’ব লগা হৈছে…
- শোণিতপুৰৰ বালিপৰাত পাৰিবাৰিক কন্দলত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ…
- প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ মৃত্যুত বিভিন্নজনৰ গভীৰ শোক প্ৰকাশ…
- আজি পৰাগ কুমাৰ দাসৰ ২৯ সংখ্যক মৃত্যুবাৰ্ষিকী…
- উচ্চতম ন্যায়ালয়ৰ বাৰ কাউন্সিলৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত বিশিষ্ট আইনজ্ঞ কপিল ছিবাল…
- প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক থানেশ্বৰ বড়োৰ দেহাৱসান…
- সীতামাঢ়ীত দেৱী সীতাৰ মন্দিৰ নিৰ্মাণ কৰিব বিজেপিয়ে, বিহাৰৰ মেগা ৰেলীত অমিত শ্বাহৰ প্ৰতিশ্ৰুতি…