ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেন আজি ৰাঁচীত উপস্থিত হৈ ইডিৰ সন্মুখত হাজিৰ হ’ব পাৰে। প্ৰায় ৪৮ ঘণ্টা ধৰি ‘আণ্ডাৰগ্ৰাউণ্ড’ হৈ থকা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেণ হঠাতে ৰাঁচীত হাজিৰ হয়। ইডিৰ দলটোৱে দিল্লীত তেওঁক বিচাৰি আছিল। দুদিন ধৰি মিডিয়াৰ কেমেৰাবোৰ ইফালে সিফালে চলি থাকিল। ক’ত আছে মুখ্যমন্ত্ৰী ছ’ৰেন? প্ৰশ্ন উত্থাপন হৈছিল যে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ক’ত নোহোৱা হৈছে? তেওঁৰ দিল্লীলৈ অহাৰ কথা সকলোৱে জানিছিল যদিও তাৰ পিছত কি হ’ল কোনেও দেখা নাপালে। দুদিন পূৰ্বে হঠাতে ইডিৰ বিষয়া দিল্লীৰ ঘৰত উপস্থিত হৈছিল যদিও ছ’ৰেনক বিচাৰি নাপালে। বিমানবন্দৰতো হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। কাৰণ, দিল্লীৰ পৰা কেনেকৈ ৰাঁচী পালেগৈ ছ’ৰেনে? এই সকলোবোৰ ফিল্ম ষ্টাইলত ঘটিছিল।
মুখ্যমন্ত্ৰী ছ’ৰেন দিল্লীৰ পৰা ৰাঁচীলৈ পথেৰে গৈছে। ইডিৰ দলে দিল্লীত তেওঁক বিচাৰি থকা সময়লৈকে তেওঁ গোপনে ৰাজধানী এৰি থৈ গৈছিল। মঙলবাৰে গভীৰ নিশালৈকে বিধায়কসকলৰ সৈতে সাক্ষাৎ হৈছিল। ছ’ৰেনে তেওঁৰ ৪৭ গৰাকী বিধায়ক আৰু মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈছে। আজি দিনৰ ১ বজাত ৰাঁচীস্থিত নিজৰ বাসগৃহত ভূমি কেলেংকাৰিৰ গোচৰত ইডিৰ বিষয়াসকলৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ওলাইছে ছ’ৰেনে। অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েনৰ সৈতে ৰাঁচীত নিষেধাজ্ঞা আদেশ জাৰি কৰা হৈছে।
সোমবাৰে ইডিৰ দলটোৱে ভূমি চুক্তিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ছ’ৰেনৰ দিল্লীৰ ঘৰত অভিযান চলাই প্ৰায় ১৩ ঘণ্টা ধৰি তাত শিবিৰ পাতিছিল। ইডিয়ে নগদ ৩৬ লাখ টকা, এখন বিএমডব্লিউ গাড়ী আৰু কিছু নথি-পত্ৰ উদ্ধাৰ কৰা বুলি দাবী কৰিছে। অৱশ্যে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী সোৰেনৰ দৰে ২০০৪ চনত তেওঁৰ পিতৃ শিবু সোৰেনও নিৰুদ্দেশ হৈছিল। চাৰিদিন ধৰি তেওঁক বিচাৰি পোৱা নগ’ল।

