দিছৈ ভেলিত অসম আৰক্ষী আৰু বন বিভাগৰ উচ্ছেদ অভিযান

যোৰহাট জিলাৰ তিনিখন সংৰক্ষিত বনাঞ্চলৰ প্রায় নবৈ শতাংশ বন্য ভূমি নিজৰ দখললৈ নিয়াৰ চেষ্টা অব্যাহত ৰাখিছে। শান্তি চুক্তি উলংঘা কৰি দিচৈ ভেলিত পূনৰ নগাই আৰাম্ভ কৰিছে অগ্ৰাসন।মৰিয়নি অসম নাগালেণ্ডৰ সীমান্তৰ দিছৈ ভেলি সংৰক্ষিত বনাঞ্চলত নিৰ্মান কাৰ্য্য চলোৱা উদ্দেশ্যৰে নগা জমা কৰা বহু সা সামগ্ৰী আজি মৰিয়নি আৰক্ষী আৰু মৰিয়নি বন বিভাগে জব্দ কৰে।আজি পূৱা মৰিয়নি বনাঞ্চলিক বিষয়া অনিমেশ কলিতা আৰু মৰিয়নি থানাৰ অচি চিত্ৰৰঞ্জন বৰগোহাঁ‌ইৰ লগতে খণ্ড বন বিষয়া ভাস্কৰ বৰ গোহাঁ‌ইৰ নেতৃত্বত যোৱা অসম বেটেলিয়ানৰ জোৱান আৰু বন বিভাগৰ এটা দলে অভিযান চলাই সামগ্ৰী খিনি জব্দ কৰে।

উল্লেখ্য যে২০২১চনৰ মে মাহত দিছৈ ভেলিত সংগঠিত হোৱা গুলিকাণ্ডৰ পিছতে অসম আৰক্ষীয়ে যুদ্ধ কালিন গতিৰে দিছৈ ভেলিত নগাৰ বে দখল উচ্ছেদ কৰি শিবিৰ স্থাপন কৰিছিল।কিন্তু পৰৱৰ্তী সময়ত নাগালেণ্ড আৰু অসম চৰকাৰৰ মাজত অনুস্থিত হোৱা শান্তী আলোচনাত নগাই দিছৈ ভেলিত কোনো ধৰনৰ অগ্ৰাসন বা নিৰ্মান কাৰ্য্য নকৰাৰ চুক্তী সম্পন্ন হোৱাত অসম চৰকাৰে আৰক্ষীৰ শিবিৰ স্থানান্তৰ কৰিছিল।কিন্তু নগাইশান্তিচুক্তি উলংঘন কৰি দিছৈ ভেলিত সংগোপনে অব্যাহত ৰাখিছে অগ্ৰাসন।

Related Articles