Breaking

গোসাইগাঁৱৰ মাটিয়াপাৰাত চুলাই মদৰ ঘাটি উচ্ছেদঃ৪০০ কেজি মদৰ চাউলৰ লগতে ৮০ কেজি চুলাই মদ বিনষ্ট

0 1,159

আৰক্ষীয়ে সমগ্ৰ ৰাজ্যজুৰি ড্ৰাগছ,গাঞ্জাৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে আজি বিয়লী ১ নং মাটিয়াপাৰা গাঁৱত সাপকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শিৱ প্ৰসাদ কলিতাই ৫ খন ঘৰত অভিযান চলাই ৪০০ কেজি মদৰ চাউলৰ লগতে ৮০ চুলাই মদ বিনিষ্ট কৰে।লগতে চুলাই মদৰ ঘাটি সমুহ উচ্ছেদ কৰে।

উল্লেখ যে,চুলাই মদৰ ঘাটি উচ্ছেদ কৰাৰ লগতে পৰৰ্বতী সময়ত যাতে এনে মদ বনোৱাৰ পৰা বিৰত থাকে তাৰ বাবে ঘৰৰ মালিকক জাননী দিয়ে ।চুলাই মদৰ ঘাটি উচ্ছেদ কৰা এনে কাৰ্যক অঞ্চলটোৰ ৰাইজে সাপকাটা আৰক্ষী চকীৰ আৰক্ষীক শলাগ লোৱা দেখা যায়।

Leave A Reply