১৩ জুন:Ex-Gujarat CM Vijay Rupani । আহমেদাবাদৰ মেঘানীনগৰত বৃহস্পতিবাৰে বিয়লি সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনাত সম্ভৱপৰভাবে উপস্থিত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী। লণ্ডন অভিমুখে উৰা মৰা এয়াৰ ইণ্ডিয়াৰ বি৭৮৭ “ড্ৰীমলাইনৰ” (AI-171) উক্ত বিমানখনত মুঠ ২৪২ গৰাকী যাত্ৰী আছিল।

বিমানখনে আহমেদাবাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰৰ মেঘানীনগৰ অঞ্চলত দুপৰীয়া প্ৰায় ২ বজাত তীব্ৰ গতিত তললৈ নামি আহি প্ৰচণ্ড ধ্বংসৰ সন্মুখীন হয়। স্থানীয় কেমেৰাত ধৰা পৰা ভিডিঅ’ত দেখা গৈছিল, ক’লা ধোঁৱাৰে আৱৰি পৰিছে অঞ্চলটো। বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ কিছু সময়ৰ ভিতৰতে দাও-দাওকৈ জ্বলি উঠে।
ইটিভি ভাৰত প্ৰকাশ কৰা তথ্য অনুসৰি, দ্বিতীয় শাৰীৰ আসনত বিজয় ৰূপানী যাত্ৰী হিচাপে উপস্থিত আছিল বুলি অনুমান। যদিও এতিয়ালৈকে চৰকাৰীভাৱে তেওঁৰ উপস্থিতি নিশ্চিত কৰা হোৱা নাই।

গুজৰাটৰ মুখ্যমন্ত্রী কাৰ্যালয়ৰ এগৰাকী শীৰ্ষ বিষয়াই এই সন্দৰ্ভত মন্তব্য কৰি কয়, “মুখ্যমন্ত্ৰী ভূপেন্দ্র পেটেলে তৎক্ষণাত উদ্ধাৰ আৰু চিকিৎসা সহায় অভিযান আৰম্ভ কৰাৰ নিৰ্দেশ দিছে। লগতে তেওঁ আহত যাত্ৰীসকলৰ প্ৰয়োজনীয় চিকিৎসা সুনিশ্চিত কৰিবলৈ পৰামৰ্শ দিছে।”
ঘটনাৰ তীব্ৰতা অনুভৱ কৰি মুখ্য সচিব পংকজ যোশীসহ গুজৰাট চৰকাৰৰ শীৰ্ষ বিষয়াসকলে ঘটনাস্থলৰ সৈতে যোগাযোগ বজাই ৰাখিছে। আহতসকলৰ বাবে গ্ৰীণ কৰিডৰ নিৰ্মাণ কৰাৰ লগতে চিকিৎসা সেৱা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে।

এই ভয়ংকৰ দুৰ্ঘটনাৰ পিচত গুজৰাটৰ মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী আৰু আৰক্ষী আয়ুক্তৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে যোগাযোগ স্থাপন কৰে। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতাৰ আশ্বাস প্ৰদান কৰে।
ডিজিচিএ প্ৰকাশ কৰা তথ্য অনুসৰি, এয়াৰ ইণ্ডিয়াৰ AI-171 নম্বৰৰ এই ফ্লাইটখন আহমেদাবাদৰ পৰা গেটৱিক (লণ্ডন) অভিমুখে যাত্রা আৰম্ভ কৰিছিল। যাত্ৰাৰ কিছু সময়ৰ পাছতেই ই ইঞ্জিন বিকল হোৱাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হয়।
এয়াৰ ইণ্ডিয়াৰ অনুসৰি, বিমানখনত আছিল ১৬৯জন ভাৰতীয়, ৫৩জন ব্ৰিটিছ আৰু ১জন কানাডিয়ান নাগৰিক। বহু লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে, যদিও চৰকাৰীভাৱে সংখ্যাত নিশ্চিততা আহি পোৱা নাই।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৰ সৈতে আলোচনা কৰি তেওঁলোকক আহমেদাবাদলৈ ৰাওনা হ’বলৈ নিৰ্দেশ দিয়ে। তেওঁ দুৰ্ঘটনাগ্ৰস্ত লোকসকলক সকলো প্ৰকাৰৰ সহায় সুনিশ্চিত কৰিবলৈ বিশেষ গুৰুত্ব আৰোপ কৰে।