পেহেলগামৰ নাৰকীয় ঘটনাৰ পিছতে ভাৰতে পাকিস্তানৰ(Ex-servicemen)ওপৰত হানিছে মোক্ষম আঘাত৷ এনে সময়তে বহু প্ৰাক্তন সেনা জোৱানে পুনৰ দেশমাতৃৰ সেৱাৰ বাবে ওলাই যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল৷ শেহতীয়াকৈ কাশ্মীৰৰ সৈনিক কল্যাণ ব’ৰ্ডে সমগ্ৰ কেন্দ্ৰীয়শাসিত অঞ্চলৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি সুৰক্ষিত কৰাৰ বাবে সেনাবাহিনীৰ প্ৰাক্তন জোৱানসকলক সংগঠিত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল৷ এই প্ৰস্তাৱক জম্মু-কাশ্মীৰ চৰকাৰে আনুষ্ঠানিকভাৱে অনুমোদন জনাইছে৷ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত স্থানীয় প্ৰশাসনৰ এই সিদ্ধান্ত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে৷
প্ৰস্তাৱ অনুসৰি এই পদক্ষেপৰ বাবে চ্ছ্ৰ হাজাৰ প্ৰাক্তন জোৱানক চিনাক্ত কৰা হৈছে৷ ইয়াৰে ৪৩৫গৰাকীৰ হাতত ব্যক্তিগত অস্ত্ৰৰ অনুজ্ঞা-পত্ৰ আছে ৷ ফলস্বৰূপে স্থানীয় নিৰাপত্তা পৰিস্থিতিৰ প্ৰতি ফলপ্ৰসুভাৱে সঁহাৰি জনোৱাৰ ক্ষমতা যথেষ্ট বৃদ্ধি পাব৷ এই প্ৰাক্তন জোৱানৰ সংগঠনসমূহক জম্মু-কাশ্মীৰৰ ২০খন জিলাৰ সকলো জটিল আন্তঃগাঁথনিৰ সুৰক্ষাৰ বাবে নিয়োগ কৰা হ’ব, য’ত বিদু্যৎ কেন্দ্ৰ, দলং, চৰকাৰী সংস্থাপন আৰু অন্যান্য স্পৰ্শকাতৰ অঞ্চল থাকিব ৷ প্ৰতিৰক্ষা বিভাগে জনোৱা মতে ক’ভিড-১৯ মহামাৰীৰ সময়ত সফলতাৰ ওপৰত ভিত্তি কৰি এই সিদ্ধান্ত লোৱা হৈছে ৷
সেই সময়ত ২৫০০গৰাকী প্ৰাক্তন জোৱানে স্বেচ্ছাই প্ৰশাসনক সহায় কৰিছিল৷ এনে পদক্ষেপৰ বাবে প্ৰাক্তন জোৱানৰ সংখ্যা চ্ছ্ৰ হাজাৰলৈ বৃদ্ধিয়ে তেওঁলোকৰ সেৱাৰ মনোভাৱ আৰু চৰকাৰ আৰু স্থানীয় জনসাধাৰণে তেওঁলোকৰ ওপৰত ৰখা আস্থাক প্ৰতিফলিত কৰে৷ প্ৰস্তাৱটোত উল্লেখ কৰা মতে প্ৰাক্তন জোৱান সংগঠনৰ স্বেচ্ছাসেৱকসকলে নিজ নিজ জিলা সৈনিক কল্যাণ বিষয়া [ডি এছ ডব্লিউ অ’]ৰ সামগ্ৰিক সমন্বয়ৰ অধীনত সেৱা আগবঢ়াব৷ তেওঁলোকে জিলা প্ৰশাসন আৰু স্থানীয় আৰক্ষীৰ সৈতে ঘনিষ্ঠ সমন্বয় ৰক্ষা কৰি কাম কৰিব ৷ এনে পদক্ষেপে প্ৰাক্তন সেনা জোৱানৰ দেশৰ প্ৰতি থকা অপৰিসীম মৰম আৰু দায়বদ্ধতাকেই প্ৰমাণ কৰা বুলি এতিয়া বহুতে আলোচনা কৰিছে৷