Breaking

তামুলপুৰ আৰক্ষী থানা আৰু তামুলপুৰ মহকুমা গাঁও ৰক্ষীবাহিনীৰ উদ্যোগত কৃতী ছাত্র-ছাত্ৰীক ব্যতিক্ৰমী সম্বৰ্ধনা

0 1,571

তামুলপুৰ আৰক্ষী থানা আৰু তামুলপুৰ মহকুমা গাঁওৰক্ষী বাহিনীয়ে তামুলপুৰ গাঁওৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত এক বিশেষ আৰু ব্যতিক্ৰমী সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়।

সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৬০ গৰাকী ছাত্ৰ-ছাত্ৰীক গামোচা, মানপত্ৰ, কলম, ডায়েৰী আৰু এটি গছপুলিৰে সম্বৰ্ধনা জ্ঞাপন কৰা বিশেষ সম্বৰ্ধনা সভাত তামুলপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, প্ৰাৰ্থ প্ৰতীম শইকীয়া, তামুলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতা, তামুলপুৰ আৰক্ষী থানাৰ উপ আৰক্ষী বিষয়াৰ লগতে মহকুমা গাঁও ৰক্ষী বাহিনীৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

তামুলপুৰৰ পৰা প্ৰসাদ দাসৰ প্ৰতিবেদন

Leave A Reply