Breaking

কাৰ্যবাহী অভিযন্তাৰ ব্যতিক্ৰমী পদক্ষেপ

0 2,082

কিছুমান  ব্যক্তিৰ মনৰ উৎসাহ আৰু কৰ্মপ্ৰেৰণাই একোটা অঞ্চল শুৱনি কৰি তোলে৷তেনে এজন ব্যক্তি হ’ল  পঠশালস্থিত  গড়কাপ্তানী বিভাগৰ  কাৰ্য্যবাহী  অভিযন্তা  পৰেশ হালৈ ৷ এইগৰাকী  ব্যক্তিৰ প্ৰচেষ্টাত পাঠশালাৰ গঢ়কাপ্তানী বিভাগৰ কাৰ্য্যলয়ত দেখা গল  এক মনোমহা পৰিবেশ । কাৰ্য্যালয়ৰ চৌহদত অভিযন্তা   দাসৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে  এখন ফুলৰ বাগিছা । বৃহস্পতিবাৰৰ দিনটোত  কাৰ্য্যালয়তো চাফা চিকুণ কৰাৰ লগতে ফুলৰ বাগিছাত নাৰ্জী , গোলাপ , জবা ফুল আদি বিভিন্ন প্ৰজাতিৰ ফুল  ৰোপণ কৰি পৰিবেশ সুৱনি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে বিসয়া গৰাকীয়ে  । ইয়াৰোপৰি কাৰ্য্যালয়ৰ ভিতৰে বাহিৰে   আটক ধুনীয়া কৈ  সজাই  তোলে দেখা গৈছে । অসম চৰকাৰৰ উন্নয়ন মূলক আঁচনি সমূহৰ  উপৰিও কাৰ্যবাহী অভিযন্তা গৰাকীয়ে  কৰা এনেবোৰ কামৰ বাবে এতিয়া তেওঁ প্রশংসা উপচাই পেলাইছে বিভাগীয় কৰ্মচাৰি সকলে । উক্ত কাৰ্যসূচীটোত উপস্থিত থাকে কণিষ্ঠ অভিযন্তা লাবন্য পাটগিৰি ।আনহাতে  কাৰ্যবাহী অভিযন্তা গাৰকীয়ে কয়  পৰিবেশ সুস্থ থাকিলেহে কাম কৰাৰ বাবে প্ৰেৰণা পায় আৰু দেহ মন সুস্থ থাকে   বুলি মন্ত্যব কৰে ।

Leave A Reply