Breaking

বানপানী আৰু প্ৰবল গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ব্যতিক্ৰমী পদক্ষেপ

0 68

হিমালয়ৰ পাদদেশৰ পৰা বৈ অহা হিমশীতল শ্ৰোতধাৰা কৌশিকি গঙ্গা অৰ্থাৎ কুলশী নৈৰ পাৰত অৱস্থিত বনগাঁও চাতিয়াপাৰা ভাগৱত নামঘৰত নিশা মহিলা নাগাৰা নাম প্ৰদৰ্শন কাৰ্যসূচীৰে কালান্তক বানপানী আৰু প্ৰবল গড়াখহনীয়াৰ পৰা মহা পৰিত্ৰাণ বিচাৰি কৰা ব্যতিক্ৰম পদক্ষেপ গ্ৰহণ কৰে।

শ্ৰীমন্ত শংকৰদেৱ সংঘ, ভেৰগাঁও জিলা শাখাৰ সংস্কৃতি শাখাৰ সম্পাদক নৱ কুমাৰ তামুলীয়ে বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানত বিশিষ্ট জ্যোতিষী গোপাল দেৱ শৰ্মাই দ্বাৰ উদ্ঘাটন কৰি কুলশী নদীৰ ভয়াৱহ গৰাখহনীয়াত যাতে বনগাঁও চাতিয়াপাৰা গাঁওবাসীক মহাবিপদত নেপেলায় তাৰবাবে পৰমপিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় আৰু ভাগৱত প্ৰেম ,ভক্তি ,হৰিনামৰ ধ্বনিয়ে জীৱৰ পৰম মংগল সাধন কৰে তাকো কামনা কৰে।মহিলা নাম দলৰ প্ৰদৰ্শন শুভ উদ্বোধন কৰি যুৱ সমাজ সেৱক ৰবীন্দ্ৰ বড়োই নামৰ দ্বাৰা ,অসম তথা বিশ্বত শান্তি ,সম্প্ৰীতি অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায়।

নাগাৰা নামৰ শিল্পী তথা পাঠকদ্বয় চিপাঝাৰৰ কৰিশ্মা নাথ আৰু গোৰেশ্বৰৰ উৰ্বশী ৰাজবংশীক ভাগৱত নামঘৰ পৰিচালনা সমিতিৰ সভাপতি দিনেশ্বৰ ডেকা আৰু সম্পাদক সত্যজিৎ বৰুৱা স্বাক্ষৰিত মানপত্ৰ , গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।অনুষ্ঠানটোৰ আঁত ধৰে অপূৰ্ব বৰাই।

Leave A Reply