Breaking

নলবাৰী জিলাত কৃষি বিষয়া আৰু কৃষকৰ মত বিনিম়য় অনুষ্ঠান; কেইবাজনো প্ৰগতিশীল কৃষকৰ অংশগ্ৰহণ!

0 51


আজি নলবাৰী জিলাৰ ফুলগুৰিস্থিত শ্ৰী শ্ৰী বাৰ গোপাল থানৰ ৰূপালী জয়ন্তী সভা মহোৎসৱত কৃষকৰ বাবে আয়োজন কৰা কৃষি আলোচনা চক্ৰত উপস্থিত থাকে নলবাৰী জিলা কৃষি বিষয়া মুনিন্দ্ৰ কুমাৰ শৰ্মা, সদ্য অৱসৰপ্ৰাপ্ত জিলা কৃষি বিষয়া যোগেশ্বৰ ৰাজমেধি, জেষ্ঠ্য কৃষি উন্নয়ন বিষয়া ৰমেন ডেকা আৰু কৃষি সম্প্ৰসাৰণ সহায়ক দিবাকৰ বৰ্মন প্ৰমুখ্যে ভালেমান কৃষক।

কৃষি বিষয়াসকলে কৃষিৰ জৰিয়তে কেনেকৈ স্বাৱলম্বী হ’ব পাৰি সেই সম্পৰ্কে কৃষকক অৱগত কৰে।

ইয়াৰ উপৰিও বিভাগীয় আঁচনি সমূহ যেনে পি এম কিষান, ধান ক্ৰয় আঁচনি, ফচল বীমা যোজনা, কৃষি সিঞ্চয়ী যোজনা আদি সম্পৰ্কে বিশদভাৱে বাখ্যা কৰাৰ লগতে আঁচনিসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

আলোচনা চক্ৰত কেইবাজনো প্ৰগতিশীল কৃষক আৰু কৃষিৰ কৰ্মৰ প্ৰতি আগ্ৰহী ব্যক্তি উপস্থিত থাকে।

Leave A Reply